নুমলীগড় লৱনঘাটৰ পৰা পত্নীসহ চোৰাংচিকাৰীক আটক : গঁড়ৰ দেহাংশ উদ্ধাৰ :

নুমলীগড় লৱনঘাটৰ পৰা পত্নীসহ চোৰাংচিকাৰীক আটক  : গঁড়ৰ দেহাংশ উদ্ধাৰ :
Aiidesh Photo

Aiidesh News  : 01 February 2024 :  

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনীঞ্চলত ২২ জানুৱাৰীত সংঘৰ্টিত গঁড় হত্যাৰ পিচত এই ঘটনাত জড়িত চোৰাংচিকাৰীক কৰায়ত্ব কৰাৰ বাবে অভিযান চলায় আছে বোকাখাত আৰক্ষীয়ে ৷ এনে এক অভিযানতে যোৱা নিশা আৰক্ষীৰ অভিযানকাৰী দলে বোকাখাত উপজিলাৰ নুমলীগড়ৰ লৱনঘাটৰ পৰা বিলাস পেগু আৰু তেওঁ পৰিবাৰ ৰূপা দলেক আটক কৰে ৷ বিলাস পেগুৰ স্বীকাৰোক্তিত অভিযানকাৰী দলে বিলাস পেগুৰ বাসগৃহৰ সমীপৰ বাঁহনিৰ মাজত পুতি থোৱা গঁড়ৰ মুৰৰ অংশ বিশেষ উদ্ধাৰ কৰে ৷ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিংৰ মতে ধৃত বিলাস পেগু আৰু তেওঁৰ পত্নী ৰূপা দলেৰ দুধৰ্ষ গঁড় চিকাৰী শুকদেউ কুটুম, ৰবীণ পেগু আৰু মনিপুৰৰ চোৰাং চিকাৰীৰ সৈতে সম্পৰ্ক আছে ৷ 

ইফালে অভিযানৰ সময়ত ২৮ জানুৱাৰীৰ নিশা ব্ৰহ্মপুত্ৰত জপিয়াই পলায়ন কৰা দুধৰ্ষ গঁড় চিকাৰী জগু পেগুৰ লগতে হৰেন কামান নামৰ চোৰাংচিকাৰী সন্ধান পোৱা নাই আৰক্ষীয়ে ৷ হৰেন কামানৰ বাসগৃহৰ পৰাই আৰক্ষীৰ অভিযানকাৰী দলে গঁড় হত্যাত ব্যৱহৃত এ কে ৪৭ ৰাইফল আৰু গুলী উদ্ধাৰ কৰিছিল ৷ সম্প্ৰতি পলাতক বংকোৱাল অফলা গাওঁৰ চোৰাংচিকাৰী হৰেন কামান ৷ ইফালে কাজিৰঙাৰ অগৰাতলিৰ গঁড় হত্যাৰ মুল অভিযুক্ত বোকাখাত বামুন গাওঁৰ একালৰ বাসিন্দা শুকদেউ কুটুম আৰু বামুন গাওঁ প্ৰথমিক বিদ্যালয়ৰ একালৰ শিক্ষক ৰবীন পেগুৰ সন্ধানতো অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু বন বিভাগে ৷ এই সংক্ৰান্তত সঠিক খবৰ দিওঁতাক পুৰস্কৃত কৰাৰ কথাও ঘোষণা কৰিছে জিলা আৰক্ষী বিষয়া ৰাজেন সিঙে ৷

*********