কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৬ সংখ্যাক তিনিদিনীয়া আৱাসিক প্ৰকৃতি শিবিৰৰ সামৰণি : কাষৰীয় ২৭ খন গাওঁ আৰু ১৫ খন বিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহন :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৬ সংখ্যাক তিনিদিনীয়া আৱাসিক প্ৰকৃতি শিবিৰৰ সামৰণি  : কাষৰীয় ২৭ খন গাওঁ আৰু ১৫ খন বিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহন :
Aiidesh Photo

Aiidesh News  : 11 May 2024 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৯ মে’ পৰা আৰম্ভ হোৱা ১৬ সংখ্যক তিনিদিনীয়া আৱাসিক প্ৰকৃতি শিৱিৰৰ আজি সামৰণি পৰে ৷ বিগত ১৫ বছৰে অনুষ্ঠিত হৈ অহা এই বাৰ্ষিক অনুষ্ঠানত এইবাৰৰ ১৬ সংখ্যক প্ৰকৃতি শিবিৰ কাজিৰঙাত থকা ৱাইল্ড গ্ৰাছ ৰিজৰ্টত অনুষ্ঠিত হয় ৷ এই আৱাসিক প্ৰকৃতি শিৱিৰত কাজিৰঙাৰ আটাইবোৰ বনাঞ্চলৰ লগতে কাৰ্বি আংলং জিলাৰ ডলামৰা বনাঞ্চলৰ পাৰ্শ্বৱৰতী এলেকাৰ মুঠ ১৫ খন বিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ উপৰিও বোকাখাতৰ উজনি অসম দিব্যাংগ কেন্দ্ৰৰ ৪ গৰাকী দিব্যাংগ শিশুয়েও অংশ গ্ৰহন কৰে ৷ ২০০৭ বৰ্ষতে আৰম্ভ হোৱা এই অনুষ্ঠানটোয়ে ইতিমধ্যেই সফলতাৰ ১৫ টা বছৰ অতিক্ৰম কৰি এইবাৰৰ ১৬ সংখ্যক শিবিৰ সফলতাৰে অনুষ্ঠিত কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কৰ্তৃপক্ষৰ  উদ্যোগত আয়োজিত এই শিবিৰত প্ৰকৃতি সংগঠন আৰণ্যক, কৰবেট ফাউণ্ডেচন, দক্ষিন ফাউণ্ডেচন, বিশ্ব প্ৰকৃতি নিধি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, ভুমি, কাজিৰঙা ৱাইল্ড লাইফ চ'চাইটি আৰু আঘোন হোমষ্টেয়ে বিশিষ সহযোগিতা আগবঢ়ায় ৷

কাজিৰঙাৰ ৱাইল্ড গ্ৰাছ নামৰ ৰিজৰ্টৰ চৌহদত ৯ মে' পৰা আয়োজিত এই প্ৰকৃতি শিৱিৰৰ সামৰণি অনুষ্ঠান ৰিজৰ্টখনৰ সভাগৃহত আজি বিয়লি অনুষ্ঠিত হয় ৷ ৱাইল্ড গ্ৰাছ ৰিজৰ্টৰ সভা গৃহত আয়োজিত সমাৱৰ্তন অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ, ডি এফ অ’  অৰুণ বিঘ্নেশ, সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী, বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, ৱাইল্ড গ্ৰাছ ৰিজৰ্টৰ প্ৰতিনিধি দিলীপ গগৈ, টেকনিক’ ইণ্ডিয়া লিমিটেডৰ সঞ্চালক  ৰবি শংকৰ আৰু অপৰ্ণা শংকৰ উপস্থিত থাকে ৷ এই অনুষ্ঠানতে ১৬ সংখ্যক প্ৰকৃতি শিৱিৰটোত অংশ গ্ৰহন কৰা ৫০ গৰাকী ছাত্ৰ ছাত্ৰী আৰু স্বেচ্চাসেৱক সকলক উদ্যোগতাৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয় ৷ 

উল্লেখ্য যে ৯ মে'ত আৰম্ভ হোৱা এই শিৱিৰৰ শুভাৰম্ভৰ অনুষ্ঠানত অসমৰ বন বিভাগৰ অৱসৰ প্ৰাপ্ত মুখ্য বন সংৰক্ষক উৎপল বৰা, কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ, অসম গৌৰৱ প্ৰাক্তন বন বিষয়া ধৰণীধৰ বড়ো, প্ৰাক্তন বন বিষয়া মুকুল তামুলী, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশ, সহকাৰী বন সংৰক্ষক নৱজ্যোতি ৰাজবংশী,  অলেক চাক্সেনা, বনাঞ্চলিক বিষয়া মনজিত সোনোৱালকে ধৰি বিভিন্ন বন বিষয়া, আৰণ্যক নামৰ প্ৰকৃতি সংগঠনৰ জীৱ বিজ্ঞানী ড৹ নৱ দত্ত, আৰিফ হুছেইন, প্ৰকৃতিবিদ মনোজ গগৈ, বিশিষ্ট সাংবাদিক অভিজিত গগৈ, বিশ্ব প্ৰকৃতি নিধিৰ জয়ন্ত ডেকা, কৰবেট ফাউণ্ডেচনৰ ৰূপম শইকীয়া, পঙ্কজ শৰ্মা, প্ৰকৃতি শিবিৰৰ প্ৰাক্তন অংশগ্ৰহনকাৰী অংকুৰ নাহক, ৰোহিত পাত্ৰ আদি উপস্থিত থাকে ৷

পৰিবেশ কৰ্মী উত্তম শইকীয়া আৰু গীতাঞ্জলি কলিতাই পৰিচালনা কৰা উদ্বোধণী অনুষ্ঠানত বন বিষয়া উৎপল বৰা আৰু কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে বন্তি প্ৰজ্বলন কৰি ১৬ সংখ্যক এই প্ৰকৃতি শিৱিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ অনুষ্ঠানত প্ৰকৃতি শিৱিৰত অংশ গ্ৰহন কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আৰণ্যকৰ উদ্যোগত বেগসহ শিক্ষণ সামগ্ৰিৰ টোপোলা প্ৰদান কৰা হয় ৷ উদ্বোধনী অনুষ্ঠানৰ পিচতেই অসম গৌৰৱ ধৰণীধৰ বড়ো আৰু মুকুল তামুলীয়ে কাজিৰঙাৰ বিভিন্ন কাহিনীৰ বৰ্ণনা কৰাৰ লগতে ড৹ দেৱ দত্তই গঁড়ৰ বিষয়ে সচিত্ৰ উপস্থাপন আৰু আৰণ্যকৰ আৰিফ হুছেইন , মনোজ গগৈ আৰু প্ৰকাশ নায়কে প্ৰকৃতিৰ বিভিন্ন পক্ষীৰ লগতে পক্ষী নিৰীক্ষণৰ বিভিন্ন দিশ অৱগত কৰে ৷ 

১০ মে’ পুৱাতে আঘোণ হোমষ্টেৰ নেতৃত্বত প্ৰকৃতি শিৱিৰৰ ছাত্ৰ ছাত্ৰী সকলে কাজিৰঙাৰ পাৰ্শ্বৱতী কাৰ্বি আংলংৰ পাহাৰ আৰু বাগিছাৰ মাজেৰে প্ৰায় ৬ কিলোমিটাৰ ট্ৰকিং কৰি চৰাই নিৰীক্ষণ আৰু পৰিৱেশ সংৰক্ষণ সম্পৰ্কে অধ্যয়ন কৰে ৷ এই কাৰযসুচীৰ সমল ব্যক্তি হিচাবে পৰিবেশ কৰ্মী মনোজ গগৈয়ে অংশ গ্ৰহন কৰে ৷ পৰৱৰ্তী সময়ত বোকাখাতৰ মেডেনী হোমষ্টেৰ চম্পক ডেকা, বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া, কাজিৰঙাৰ বিভাগীয় পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱা, কাজিৰঙা টুৰিষ্ট গাইড সন্থাৰ সম্পাদক ৰেহান আলি বনাঞ্চলিক বিষয়া চয়নিকা বৰ্মন আৰু মহিলা বনকৰ্মী সকলে বিভিন্ন বিষয়ত আলোচনা কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলক বন্যপ্ৰাণী আৰু কাজিৰঙাৰ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ৷

আজি প্ৰকৃতি শিৱিৰৰ অন্তিম দিনাৰ পুৱা বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া, প্ৰাক্তন বনাঞ্চলিক বিষয়া প্ৰদীপ গোস্বামী আৰু বন বিষয়া তৰুণ গগৈৰ নেতৃত্বত ছাত্ৰ ছাত্ৰী সকলে কাজিৰঙাৰ কঁহৰা বনাঞ্চলত জীপচিৰে পৰিদৰ্শন কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় উদ্যোগী মহিলা কাজিৰঙা হাটৰ ৰূপজ্যোতি শইকীয়া গগৈ, বন গৱেষক আংশুমান গগৈ , কাজিৰঙা ৰূপজ্যোতি শইকীয়া গগৈ, কৰবেট ফাউণ্ডেচনৰ প্ৰকল্প বিষয়া য়ে ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ৷ 

কাজিৰঙাৰ এক ঐতিহ্যলৈ পৰিগনিত হোৱা এই প্ৰকৃতি শিৱিৰত বিগত ১৫ টা বছৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ ছাত্ৰ ছাত্ৰী সকলক এক বিশেষ নিৰ্বাচনী ব্যৱস্থাৰে এই শিৱিৰলৈ অনা হয় ৷ এতিয়ালৈকে ৬ শ গৰাকীতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে বিগত ১৫ বছৰত এই প্ৰকৃতি শিৱিৰত অংশ গ্ৰহন কৰিছে ৷ উল্লেখ্য যে বিগত ১৫ বছৰত প্ৰকৃতি শিৱিৰত অংশ গ্ৰহন কৰি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰো সমাবেশ আয়োজন কৰিছে উদ্যোগতা সকলে ৷ এই শিৱিৰত অংশ গ্ৰহন কৰা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে সম্প্ৰতি বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণ উপৰিও কলা সংস্কৃতিৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত লৈ সেৱা আগবঢ়াই আহিছে ৷ 

***********