অৰুণাচল প্ৰদেশত বোকাখাতৰ যুৱকৰ মৃত্যু : হত্যাকাণ্ড বুলি পৰিয়ালৰ সন্দেহ :

অৰুণাচল প্ৰদেশত বোকাখাতৰ যুৱকৰ মৃত্যু  : হত্যাকাণ্ড বুলি পৰিয়ালৰ সন্দেহ  :
Aiidesh Photo

 

Aiidesh News : 18 March - 2024 : 

কাষৰীয় ৰাজ্য অৰুণাচলৰ ইটানগৰত মৃত্যু হৈছে বোকাখাতৰ এজন যুৱকৰ । যুৱক জন বোকাখাতৰ পলাশগুৰি ভূঞা গাঁৱৰ ৰামচৰণ ভূঞা । অৰুণাচল প্ৰদেশৰ ইটানগৰত সহযোগীৰে সৈতে শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল ৰামচৰণ ভূঞা । জানিব পৰা মতে বোকাখাতৰে বিৰামল দলে নামৰ এজন ঠিকাদাৰৰ অধীনতে লগৰ সমনীয়াৰ সৈতে অৰুণাচললৈ কাম কৰিবলৈ গৈছিল যুৱকজনক । ইটানগৰত মৃত্যু হোৱা ৰামচৰণৰ ভুঞাৰ মৃতদেহ মৃত্যুৰ তিনিদিনৰ পিচত ঠিকাদাৰ গৰাকীৰ উদ্যোগত বোকাখাতৰ পলাশগুৰিৰ পৰিয়ালক আজি চমজাই দিয়েহি । ৰামচৰণৰ মৃত্যু এক ট্ৰেক্টৰ দুৰ্ঘটনাত হোৱা বুলি ঠিকাদাৰে জনালেও পৰিয়ালৰ লোকে এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে । ৰামচৰণ ভুঞাৰ মৃতদেহ অৰুণাচলত মৰোণোত্তৰ পৰীক্ষা কৰিছিল যদিও  পৰিয়ালৰ লোকে গোলাঘাটত পুনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী জনাই বোকাখাত থানালৈ মৃতদেহ লৈ আহে  ৷ 

*****************