‘ডি এছ এন গ্ল’বেল ১০০’ভেষ্টিজ ৩০সংখ্যক স্থানত

‘ডি এছ এন গ্ল’বেল ১০০’ভেষ্টিজ ৩০সংখ্যক স্থানত

বিশ্বস্তৰীয় স্বাস্থ্য আৰু কল্যাণ সামগ্রী যোগান ধৰা ভাৰতৰ অগ্রণী প্রত্যক্ষ বিক্রী কোম্পানী ভেষ্টিজ মার্কেটিং প্রাইভেট লিমিটেডে ডি এছ এন গ্ল’বেল ১০০জনৰ তালিকাত ৩০সংখ্যক স্থান অর্জন কৰে৷ বিগত বছৰৰ ৬৩ স্থানৰ তুলনাত কোম্পানীয়ে ৩৩ সংখ্যক স্থানলৈ আগুৱালে৷

ভেষ্টিজে ধাৰাবাহিকভাৱে চতুর্থ বছৰ ডি এছ এন গ্ল’বেল ১০০জনৰ তালিকাত স্থান লাভ কৰিছে৷ এই বছৰ ডি এছ এন গ্ল’বেল ১০০ত স্থান লাভ কৰা একমাত্র ভাৰতীয় কোম্পানী৷ এই উপলক্ষে ভেষ্টিজ মার্কেটিং প্রাইভেট লিমিটেডৰ এমডি গৌতম বালীয়ে কয় যে ভেষ্টিজৰ এই সফলতা শক্তিশালী আধাৰ আৰু সামগ্রী আৰু সমাধান যোগান ধৰাৰ দিশত তেওঁলোকৰ নিৱেশৰ কাৰণে সম্ভৱ হৈছে৷ তেওঁলোক আনন্দিত যে আজি বিশ্বৰ প্রত্যক্ষ বিক্রীৰ ক্ষেত্রত তেওঁলোক ভাৰতৰ ১ নম্বৰ কোম্পানী৷