কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ সকলোৰে ভিনি , জেষ্ঠ এনিমেল কিপাৰ প্ৰশান্ত দাসৰ মৃত্যু :

কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ সকলোৰে ভিনি , জেষ্ঠ এনিমেল  কিপাৰ প্ৰশান্ত দাসৰ মৃত্যু :
Photo : Uttam Saikia

AIIDESH. NEWS : 15 May : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী সংৰক্ষিত বনাঞ্চলতে আছে বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ ৷ এই কেন্দ্ৰতে ২০০৩ চনৰ পৰা এনিমেল কিপাৰ হিচাবে কৰ্মৰত প্ৰশান্ত দাসৰ আজি পুৱা নিজা পানবাৰী আদৰ্শ গাওঁৰ নিজা বাসগৃহত ম়ৃত্যু হয় ৷ প্ৰশান্ত দাস বিগত সময়চোৱাত ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ বন্যপ্ৰাণী প্ৰতি থকা প্ৰেমৰ বাবে ই বিগত ১৭ টা বছৰ তেওঁ পানবাৰীৰ কেন্দ্ৰটোত বন্যপ্ৰাণীৰ পৰিচৰ্যাত ব্যস্ত আছিল ৷ হাতী পোৱালীৰ পৰিচৰ্যাৰ বাবে সুখ্যাতি অৰ্জন কৰা প্ৰশান্ত দাসে পানবাৰীৰ কেন্দ্ৰত শ্ৰেষ্ঠ এনিমেল কিপাৰ হিচাবে পুৰস্কাৰো লাভ কৰিছিল ৷ প্ৰশান্ত দাস কেন্দ্ৰটোৰ প্ৰতিষ্ঠা কালৰে পৰা কৰ্মৰত প্ৰশান্ত দাসে নিজৰ কৰ্ম নিপুনতাৰ বাবে জেষ্ঠ এনিমেল কিপাৰ হিচাপে পদোন্নতিও লাভ কৰিছিল ৷ পানবাৰী আদৰ্শ গাওঁৰ জোৱাই হিচাবে প্ৰশান্ত দাস পানবাৰী গাওঁ আৰু কেন্দ্ৰৰ সতীৰ্থৰ মাজত ভিনি অৰ্থাৎ ভিনিদেউ হিচাবে জনপ্ৰিয় আছিল ৷ বন্যপ্ৰাণী প্ৰতিপালনৰ উপৰিও প্ৰাশন্ত দাস বাঁহৰ কামত অতি পাকৈত আছিল ৷ আজি পুৱা ১.৩০ বজাত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰা প্ৰশান্তই মৃত্যুৰ সময়ত পৰিবাৰ বুলদৈ দাস আৰু একমাত্ৰ পুত্ৰ নৱজ্যোতি দাসক এৰিথৈ যায় ৷ পানবাৰী আদৰ্শ গাওঁৰ জোৱাই আৰু পানবাৰী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ এনিমেল কিপাৰ প্ৰশান্ত দাসৰ মৃত্যুত আজি গাঁওখনৰ লগতে কেন্দ্ৰটোতো শোকৰ ছাঁ পৰিছে ৷ অতি অমায়িক ভিনিৰ মৃত্যুত মিয়ম্ৰান হৈ পৰিছে সকলো ৷