নুমলীগড়ৰ চফেলা চাহ বাগিচাত মাতৃৰ পৰা বিচ্চেদিত সদ্যজাত হাতী পোৱালী উদ্ধাৰ :

নুমলীগড়ৰ চফেলা  চাহ বাগিচাত মাতৃৰ পৰা বিচ্চেদিত সদ্যজাত হাতী পোৱালী উদ্ধাৰ :
Aiidesh Photo

নুমলীগড়ৰ চফেলা  চাহ বাগিচাত মাতৃৰ পৰা বিচ্চেদিত সদ্যজাত হাতী পোৱালী উদ্ধাৰ :

Aiidesh News : 31 July  :

নুমলীগড়ৰ চফেলা  চাহ বাগিচাত মাতৃয়ে  এৰি যোৱা এটি সদ্যজাত হাতী পোৱালীক স্থানীয় লোকৰ সহযোগত গোলাঘাট বন বিভাগে উদ্ধাৰ কৰে ৷ সদ্যজাত এটা মতা হাতী পোৱালী জাকৰ লগত নিবৰ বাবে  যোৱা দুটা দিন চেষ্টা চলায় বিফল হোৱাৰ পিচত হাতী পোৱালীটোক চফেলা  চাহ বাগিচাত মাতৃয়ে এৰি থৈ যায় ৷

আজি চফেলা চাহ বাগিচাৰ চেগুনবাৰী অঞ্চলত মাতৃৰ পৰা বিচ্চেদিত সদ্যজাত হাতী পোৱালীটোকজাকৰ পৰা পিছ পৰি যোৱা হাতী পোৱালিটোক উদ্ধাৰ কৰিবৰ বাবে বকিয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । চাহ বাগিছাৰ নলাত আৱদ্ধ হৈ পৰা হাতী পোৱালীটোক জে চি পি লগাই নলা খান্দি পোৱালীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বিগত দুটা দিন মাতৃৰ দুগ্ধৰ পৰা বঞ্চিত হৈ নিশকতীয়া হৈ পৰা হাতী পোৱালীটোক স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰি অভিযানকাৰী বনকৰ্মীৰ দলে বোকাখাতৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷ ইফালে পোৱালী এৰি যোৱা জাকটো বৰ্তমান বাগিচা খনৰ সমীপতে অৱস্থান কৰা বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীৰ তত্বৱধানত চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ৷

*******