যোৰহাট জিলা আইনসেৱা প্ৰাধিকৰণৰ দ্বাৰা ড্ৰাগছ বিৰোধী সজাগতা অভিযান :

যোৰহাট জিলা আইনসেৱা প্ৰাধিকৰণৰ দ্বাৰা ড্ৰাগছ  বিৰোধী সজাগতা অভিযান  :
Aiidesh Photo
যোৰহাট জিলা আইনসেৱা প্ৰাধিকৰণৰ দ্বাৰা ড্ৰাগছ  বিৰোধী সজাগতা অভিযান  :

যোৰহাট জিলা আইনসেৱা প্ৰাধিকৰণৰ দ্বাৰা ড্ৰাগছ  বিৰোধী সজাগতা অভিযান  :

Aiidesh News  :  27 June 2023  :

যোৰহাট জিলা আইনসেৱা প্ৰাধিকৰণৰ দ্বাৰা ২৬ জুন আন্তর্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে সপ্তাহ জোৰা এক সজাগতা অভিযান সম্পন্ন কৰা হয় | এই অভিযানৰ অংশহিচাপে যোৰহাট জিলা আইনসেৱা প্ৰাধিকৰণৰ দ্বাৰা প্ৰস্তুত কৰা সচিত্ৰ ড্ৰাগছ বিৰোধী সজাগতামূলক প্ৰচাৰ পত্ৰিকা প্ৰাধিকৰণৰ অৰ্ধ আইনী স্বেচ্ছাসেৱী সকলে জিলা খনৰ বিভিন্ন ঠাইত বিতৰণ কৰে । তদুপৰি যোৰহাট জিলা আইনসেৱা প্ৰাধিকৰণৰ দ্বাৰা যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ২৩ জুন তাৰিখে কাৰাগাৰত থকা অবৈধ ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ গোচৰত বিচৰাধীন হৈ থকা কাৰাবাসী সকলৰ মাজত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় | 

সভাত যোৰহাট জিলা আইনসেৱা প্ৰাধিকৰণৰ সচিব দেৱজ্যোতি ভূঞা, কাৰাধ্যক্ষ প্ৰাঞ্জল শৰ্মা তথা মুখ্য আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা ভূমিধৰ হাজৰিকা আদিয়ে অংশগ্রহণ কৰি উপস্থিত কাৰাবাসী সকলক ড্ৰাগছ ৰ ভয়াবহতা ৰ বিষয়ে অৱগত কৰে | এই সজাগতা অভিযান ৰ অংশ হিচাপে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ, লিচুবাৰী স্থিত পর্যবেক্ষণ গৃহত এখনকৈ সচিত্ৰ ড্ৰাগছ বিৰোধী সজাগতা মূলক বেনাৰ লগোৱা হয় । 

এই অভিযানৰ অন্তিম কাৰ্যসূচী হিচাপে ২৬ জুন তাৰিখে মৰিয়নী মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় | এই সভাত যোৰহাট জিলা আইনসেৱা প্ৰাধিকৰণৰ সচিব, মৰিয়নী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হৰেন গোৱালা, তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু ড্ৰাগছৰ কৱলৰ পৰা নিজকে উদ্ধাৰ কৰি সমাজত নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা প্ৰিতম ফুকনে অংশগ্ৰহণ কৰে । সভাত উপস্থিত থকা সমল ব্যক্তি সকলে ছাত্র ছাত্রী সকলক ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে অৱগত কৰে আৰু নিজৰ লগতে সমাজৰ অন্য লোককো কেনেদৰে সজাগ কৰি এখন ড্ৰাগছ মুক্ত সমাজ গঠন কৰিব পাৰি সেই বিষয়ে আলোকপাত কৰে । অনুষ্ঠানতে যোৰহাট জিলা আইনসেৱা প্ৰাধিকৰণ ৰ দ্বাৰা প্ৰস্তুত এখন সচিত্ৰ ড্ৰাগছ বিৰোধী সজাগতা মূলক বেনাৰ মহাবিদ্যালয়ত লগোৱা হয় |

*********