দীপাৱলী পৰ্যন্ত হ’ব লাগিব সাৱধান- হিমন্তবিশ্বশৰ্মা

দীপাৱলী পৰ্যন্ত হ’ব লাগিব সাৱধান- হিমন্তবিশ্বশৰ্মা

নসাধাৰণে নিজৰ সাৱধানতা এৰি নিদিব৷ নৱেম্বৰ পৰ্যন্ত গ্ৰহণ কৰিব লাগিব এই সাৱধানতা৷ নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি চলিব লাগিব৷ অন্যথা তাৰ বিকল্প নাই৷ কোনো লোকৰ জ্বৰ, কাহ, ডিঙিৰ বিষ হলে কৰিব লাগিব স্বাস্থ্য পৰীক্ষা৷ কিয়নো ভেকচিন নোলোৱা পৰ্যন্ত কোনো লোক সুৰক্ষিত নহয়৷ সম্ভৱত দীপাৱলীৰ সময়লৈ ভেকচিন ওলোৱাৰ সম্ভাৱনা নাই৷ ইংগিত দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

ইপিনে গুৱাহাটীত ধৰা পৰা কোভিড 19 ৰোগীগৰাকীৰ এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই উৎস৷ ক’ৰ পৰা কেনেকৈ ব্যক্তিগৰাকীৰ দেহত সংক্ৰমিত হ’ল কোভিড 19 সেয়া স্বাস্থ্য বিভাগৰ বাবে ডাঙৰ চিন্তা৷ গুৱাহাটীবাসীলৈ মন্ত্ৰী হিমন্ত বিশ্বৰ আহ্বান – অধিক সতৰ্ক হওক৷ কিয়নো গুৱাহাটী ধৰা নপৰাকৈ কোনো লোকৰ দেহত থাকিব পাৰে ক'ৰোনা ৷ যদি সেয়া হয় তেন্তে ভয়ংকৰ হ’ব পৰিস্থিতি৷

ইপিনে মহানগৰবাসীক খাদ্য সামগ্ৰীৰ বাবে পাইকাৰী প্ৰতিষ্ঠানলৈ নাযাবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই৷ তাৰ পৰিৱৰ্তে নিজৰ অঞ্চলতে থকা ওচৰৰ দোকানখনৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই সামগ্ৰী ক্ৰয় কৰা নিৰ্দেশ৷ কিয়নো এতিয়াও আমি সুৰক্ষিত জ'নত নাই৷ যদিও বহুত বেছি ভয় কৰাৰ কাৰণ নাই৷ অৱশ্যে পূৰ্বতকৈ জনসাধাৰণ যথেষ্ট সজাগ হৈছে৷ ওচৰৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয়ৰ চেষ্টা কৰিছে৷