সোমবাৰৰ নিশা বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাই পথত পথ দুৰ্ঘটনা : এজন কিশোৰৰ মৃত্যু :

সোমবাৰৰ নিশা বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাই পথত পথ দুৰ্ঘটনা  : এজন কিশোৰৰ মৃত্যু  :
Aiidesh Photo

Aiidesh News  :  27 June 2023  :

বোকাখাত নগৰৰ পশ্চিম সীমাৰ লতাবাৰীত পেট্ৰ’ল পাম্পৰ সমীপতে সোমবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন ট্ৰাক আৰু এখন ডি আই বলেৰ’ পিকআপ ভানৰ মাজত হোৱা সংঘৰ্ষত এটি ১৩ বছৰীয়া কিশোৰ নিহত হোৱাৰ লগতে দুজন লোক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৷ 

প্ৰাপ্য তথ্য মতে এন এল ০৮ জি ১৯০৯  নম্বৰৰ তেল পৰিবাহী টেংকাৰখন  লতাবাৰীৰ পেট্ৰল পাম্পৰ সমিপত ৩৭ নং ৰাষ্টীয় পথৰ কাষত ৰখাই থোৱা আছিল ৷ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ বুলি আহি থকা ইউ পি ৮৩ চিটি ৯৬৪১ নম্বৰৰ ট্ৰাকখনে খুণ্ডা ৰখাই থোৱা ট্ৰাকখনত খুন্দা মৰাৰ পিচত গুৱাহাটীৰ পৰা যোৰহাটলৈ বুলি অহা এ এছ ০১ এইচ চি ৯৬০৭ নম্বৰৰ ডি আই বলেৰ’ পিক আপ ভানখনেও বিপৰীত ফালৰ আহি চলন্ত ট্ৰাক খনত খুন্দা মাৰি মুখামুখি সংঘৰ্ষত পতিত হয় ।

দুৰ্ঘটনাটোত পিকআপ ভানখনৰ চালক মঙলদৈৰ ৰুবুল হক গুৰুতৰভাৱে আহত হোৱাৰ লগতে ট্ৰাকখনত থকা উত্তৰ প্ৰদেশৰ বিশ্ৰামপাল অঞ্চলৰ ফৰিদাবাদৰ ১৩ বছৰীয়া নিৰ্মল ৰাম কুমাৰ আৰু চালক অশ্বিনী কুমাৰ গুৰুতৰভাৱে আহত হোৱাৰ লগতে ট্ৰাকখনৰ হেণ্ডিমেন সঞ্জিত কুমাৰো আঘাতপ্ৰাপ্ত হয় ৷ আহত আটাইকে উদ্ধাৰ কৰি বোকাখাত অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ চিকিৎসাধীন অৱস্থাতেই নিৰ্মল ৰাম কুমাৰৰ কিশোৰ জনৰ মৃত্যু হয় ৷ গুৰুতৰভাৱে আহত ৰুবুল হক আৰু অশ্বিনী কুমাৰক উন্নত চিকিৎসাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ নিশাই  প্ৰেৰণ কৰা হয় ৷

*******