নিশা বোকাখাতত পথ দুৰ্ঘটনা : নিহত আপৰ যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পাপুল গগৈ : ৰাজ্যিক সাংগঠনিক সম্পাদক পবিত্ৰ প্ৰাণ বৰা গুৰুত্বৰ ভাৱে আহত :

নিশা বোকাখাতত পথ দুৰ্ঘটনা : নিহত আপৰ যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পাপুল গগৈ :  ৰাজ্যিক সাংগঠনিক সম্পাদক পবিত্ৰ প্ৰাণ বৰা গুৰুত্বৰ ভাৱে আহত :
Aiidesh Photo
নিশা বোকাখাতত পথ দুৰ্ঘটনা : নিহত আপৰ যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পাপুল গগৈ :  ৰাজ্যিক সাংগঠনিক সম্পাদক পবিত্ৰ প্ৰাণ বৰা গুৰুত্বৰ ভাৱে আহত :

Aiidesh New  : 6 March  : 

যোৱা নিশা বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন নিগম আস্থানৰ সমীপত সংঘৰ্টিত পথ দুৰ্ঘটনাত আপৰ যুৱ শক্তি অসমৰ কেন্দ্যীয় সমিতিৰ সদস্য পাপুল গগৈ ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে সংগঠনটোৰ সাংগঠনিক সম্পাদক পবিত্ৰ প্ৰাণ বৰা গুৰুত্বৰভাৱে আহত হয় ৷ তথ্য মতে AS 05 S 8475 নম্বৰৰ বুলেট মটৰচাইকেল খনেৰে আহি থকা পাপুল গগৈয়ে বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ৰখাই থোৱা AS 02 CC 7827 নম্বৰৰ ট্ৰাক খনৰ পিছফালে খুন্দা মাৰে ৷ ফলত বুলেটত থকা পাপুল গগৈ আৰু দুজন আৰোহী গুৰুতৰভাৱে আহত হয় ৷ আহত তিনিওকে তাৎক্ষনিক ভাৱে বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ বুলেটখনৰ চালকৰ আসনত থকা পাপুল গগৈক চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰা হয়  ৷ নিহত পাপুল গগৈৰ ঘৰ গোলাঘাটৰ বৰপথাৰত ৷ পাপুল গগৈ আপ নামৰ ৰাজনৈতিক সংগঠনৰ যুৱ শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য  ৷ পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত যুৱ শক্তি অসমৰ সাংগঠনিক সম্পাদক পবিত্ৰ প্ৰাণ বৰা ৷ গুৰুতৰভাৱে আহত হোৱা বুলেট আৰোহী তৃতীয় জনৰ নাম এতিয়াও জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে বুলেট আৰোহী তিনিও যাত্ৰীয়েই   হেলমেট ব্যৱহাৰ কৰা নাছিল ৷ ইফালে তিনিও বোকাখাত কাৰিকৰী প্ৰতিষ্ঠানৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷

********