হাইড্রক্সিক্লৰ’কুইন আমেৰিকালৈ পঠিওৱাৰ অনুমতি দিবলৈ মোদীক ট্রাম্পৰ অনুৰোধ

হাইড্রক্সিক্লৰ’কুইন আমেৰিকালৈ পঠিওৱাৰ অনুমতি দিবলৈ মোদীক ট্রাম্পৰ অনুৰোধ

আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ পৰা অধিক পৰিমাণৰ হাইড্রক্সিক্লৰ’কুইন বিচাৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক অনুৰোধ জনায়৷ কালি তেওঁলোকৰ মাজত হোৱা টেলিফ’নিক বার্লাপৰ সময়ত আমেৰিকাৰ ৰাষ্ট্রপতিজনে প্রধানমন্ত্রীজনক এই অনুৰোধ জনায়৷

তেওঁ প্রধানমন্ত্রী মোদীক কয় যে ভাৰতে ৰপ্তানি বন্ধ কৰি থোৱা ঔষধবিধ আমেৰিকালৈ যোগান ধৰিবৰ বাবে প্রধানমন্ত্রীয়ে অনুমতি দিব লাগে৷ প্রধানমন্ত্রীৰ সৈতে টেলিফ’নত হোৱা আলোচনাৰ বিষয়ে উল্লেখ কৰি ট্রাম্পে সাংবাদিকৰ আগত এনেদৰে কয়৷

তেওঁ লগতে কয় যে চিকিৎসকৰ পৰামর্শ লোৱাৰ পাছত তেওঁ নিজেও এই ঔষধ সেৱন কৰাৰ কথা ভাবিছে৷ ট্রাম্পে কয় যে ভাৰতৰ পৰা যিমান পাৰি হাইড্রক্সিক্লৰ’কুইন আমেৰিকাক যোগান ধৰিবলৈ তেওঁ প্রধানমন্ত্রী মোদীক অনুৰোধ জনাইছে৷

উল্লেখযোগ্য যে আমেৰিকাত কৰ’না ভাইৰাছৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দেশখনত এই পর্যন্ত তিনি লাখতকৈ অধিক লোকৰ কৰ’নাৰ সংক্রমণ হোৱাৰ লগতে আঠ সহস্রাধিক লোকৰ মৃত্যু হৈছে৷