খুমটাইত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

খুমটাইত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

.খুমটাইত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ ৷ চীনে ভাৰতীয় সৈন্যৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে সৰৱ সংগঠনটোৱে চৰকাৰক ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাই ৷ খুমটাই তিনিআলিত চীনৰ পতাকা দাহ কৰি প্ৰতিবাদত উত্তাল কৰি তুলিলে পৰিবেশ ৷ সংগঠনটোৱে সমগ্ৰ ভাৰতৰ লগতে অসমবাসীক চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাই ৷ সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে খুমটাইত চীন মুৰ্দাবাদ, চীনা সামগ্ৰী বৰ্জন কৰক, চীনৰ দাদাগিৰি নচলিব আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷