আজি সন্ধিয়া ৬ বজাত ঘৰৰ পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্বলন কৰক-মুখ্যমন্ত্ৰী

আজি সন্ধিয়া ৬ বজাত ঘৰৰ পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্বলন কৰক-মুখ্যমন্ত্ৰী
বন্তি প্ৰজ্বলন কৰক-মুখ্যমন্ত্ৰী

অসমীয়া নতুন বছৰৰ প্ৰথম দিনতেই অৰ্থাৎ আজি মানুহ বিহুৰ দিনা ৰাইজৰ মঙ্গল আৰু কভিড১৯ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে সন্ধিয়া ৬ বজাত প্ৰতিঘৰৰ পদূলিয়ে পদূলিয়ে এগছিকৈ বন্তি জ্বলাওক -এই আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।কালি বিয়লি নলবাৰীৰ উপায়ুক্ত কাৰ্যালয় চৌহদত অনুষ্ঠিত হোৱা এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী সোনোৱালে আৰু কয় যে-‘কৰ'না ভাইৰাছ প্ৰতিৰোধৰ স্বাৰ্থত এইবাৰ অসমবাসী ৰাইজে চেনেহৰ ৰঙালী বিহু উদযাপন কৰিব নোৱাৰিলে।তাৰ বাবে মই গভীৰ ভাৱে দুঃখিত।'

আনহাতে কভিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে ডাক্তৰ, নাৰ্চ, আৰক্ষী, সাংবাদিক, জৰুৰী সেৱাৰ গাড়ীচালক সকল আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলকো তেওঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ সৈতে পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় অশোক শৰ্মা আৰু নাৰায়ণ ডেকা উপস্থিত আছিল।ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ সৈতে ক'ভিড - ১৯ মহামাৰী প্ৰতিৰোধ ব্যৱস্থাপনাৰ ওপৰত আলোচনা কৰে।