কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাতৃহাৰা এমহীয়া গঁড় পোৱালী উদ্ধাৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাতৃহাৰা এমহীয়া গঁড় পোৱালী উদ্ধাৰ :
Photo by Uttam Saikia.

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান্দডুবি এলেকাৰ সোমবাৰে বিয়লি এটা এমহীয়া মাতৃহাৰা গঁড় পোৱালীক বন কৰ্মীয়ে উদ্ধাৰ কৰেৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম বান্দৰজুবি বন শিৱিৰৰ বনকৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ সমীপত বনাঞ্চল এলেকাত এমহীয়া এই মতা গঁড় পোৱালীটো অকলশৰীয়াকৈ বিচৰন কৰি ফুৰা প্ৰত্যক্ষ কৰে ৷ বহু বিচাৰিও অঞ্চলটোত পোৱালীটোৰ মাকৰ উপস্থিতিৰ কোনো উমান নাপাই বনকৰ্মী সকলে উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে ৷ বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া পঙ্কজ বৰা ঘটনাস্থলীত উপস্থিত হৈ গঁড় পোৱালীটোৰ মাকৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ সমগ্ৰ অঞ্চলত অভিযান চলায় গঁড় পোৱালীটোৰ মাকৰ কোনো সম্ভেদ নাপাই বনাঞ্চলিক বিষয়া জনে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক ঘটনাটো অৱগত কৰে ৷ কেন্দ্ৰটোৰ পশু চিকিৎসক ডা৹ পানজিত বসুমতাৰীৰ নেতৃত্ব বনকৰ্মী আৰু কেন্দ্ৰৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীৰ পৰা গঁড় পোৱালীটো উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ আনে ৷ উদ্ধাৰৰ সময়ত এমহীয়া গঁড় পোৱালীটো দীৰ্ঘ সময় ধৰি মাকৰ পৰা আঁতৰি থকাৰ বাবে যথেষ্ট পৰিমানে চাপ আৰু সমস্যাৰ সন্মুখীন হৈছিল ৷ মাকৰ কোনো সম্ভেদ নাপায় পোৱালীটোৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পোৱালীটোক বিশেষ যত্নৰ বাবে কেন্দ্ৰলৈ লৈ আন উদ্ধাৰকাৰী দলে৷ সম্প্ৰতি গঁড় পোৱালীটোক কেন্দ্ৰতে প্ৰতিপালন কৰাৰ বিপৰীতে ঘটনাস্থলীত মাকৰ সন্ধানো অব্যাহত ৰাখিছে বনকৰ্মী সকলে ৷ মাকৰ সন্ধান পালে পোৱালীটোক পুনৰ মাকৰ লগত দিয়া বৃহব বুলিও জনায় ডা৹ পানজিত বসুমতাৰীয়ে ৷