বোকাখাতত বিহু নামৰ সংকলিত গ্ৰন্থ "ধনশিৰি পাৰৰ বিহুনাম" ৰ উন্মোচন :

বোকাখাতত বিহু নামৰ সংকলিত গ্ৰন্থ
Aiidesh Photo

বোকাখাতত বিহু নামৰ সংকলিত গ্ৰন্থ "ধনশিৰি পাৰৰ বিহুনাম" ৰ উন্মোচন  : 

Aiidesh News : 14 April 2023  :

মঙলবাৰে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আয়োজিত এক অনুষ্ঠানত কবি ঔপন্যাসিক দিলীপ ফুকনে উন্মোচন কৰে সংগৃহীত বিহু নামৰ এক সংকলিত গ্ৰন্থ "ধনশিৰি পাৰৰ বিহুনাম"। উন্মোচিত গ্ৰন্থখনৰ বিহুনাম সমূহ সংগ্ৰহ কৰিছে বোকাখাতৰ বিশিষ্ট ঢুলীয়া ওজা নৰেন্দ্ৰ নাথ বৰা, ধনেশ্বৰ শইকীয়া আৰু প্ৰয়াত শিক্ষক লোহিত শইকীয়া ৷ বিশেষকৈ ধনশিৰি নদীৰ পাৰৰ অঞ্চল সমুহত অতীজৰে পৰা প্ৰচলিত হৈ থকা বিহু নাম সমূহ সংগ্ৰহ কৰি "ধনিশিৰি পাৰৰ বিহুনাম" নামৰ গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে ।

গ্ৰন্থখনৰ উন্মোচন কৰি দিয়া ভাষনত কবি ঔপন্যাসিক দিলীপ ফুকনে  বৰ্তমানলৈকে বিহুনাম সমূহৰ প্ৰনালীবদ্ধ ভাবে গবেষণামূলক চৰ্চা নোহোৱা বুলি উল্লেখ কৰি কয় যে বস্তুনিষ্ঠ আলোচনা নোহোৱাৰ বাবেই বহু সময়ত বিহু নাম সমূহ বিকৃত হৈছে আৰু ই নৃতাত্বিক পৰিচয় হেৰুৱাই গৈ আছে । উন্মোচক দিলীপ ফুকনে  বিহুনামৰ ছন্দ, সুৰ আৰু ইয়াৰ ৰচনা সন্দৰ্ভতো এক বস্তুনিষ্ঠ আলোচনা আগবঢ়াই । একেদৰে বিহু নাম সমুহৰ বিকৃতি আৰু আপোন পৰিচয়ৰ ক্ষেত্ৰত আহি পৰা ব্যাপক বিভ্ৰান্তিৰ বাবেই "ধনশিৰি পাৰৰ বিহুনাম"ৰ দৰে এখন গ্ৰন্থ প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আহি পৰা বুলি মন্তব্য কৰে ৷ 

ওজা ধনেশ্বৰ শইকীয়াই আঁত ধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, জেষ্ঠ সাংবাদিক বুবুল দত্ত, সমাজকৰ্মী মনো বৰা, লেখিকা নিজৰা বৰঠাকুৰ, অসম লেখিকা সমাৰোহ সমিতিৰ সভাপতি সুবৰ্ণ শইকীয়া বৰদলৈ, পুৱতি সাহিত্য সভাৰ অপূৰ্ব বৰদলৈ, ঢুলীয়া ওজা নৰেন্দ্ৰ নাথ বৰা, সাংবাদিক পল্লৱ হাজৰিকাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

**********