কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন : বঁটা বিতৰণীৰ বিশেষ সভা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন  : বঁটা বিতৰণীৰ বিশেষ সভা  :
Aiidesh Photo

Aiidesh News  :  5 June 2023  :

বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি কাজিৰঙাতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ৷ কাজিৰঙাৰ কঁহৰাত থকা পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসুচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত বিশ্ পৰিৱেশ দিৱস উদযাৰন কৰা হয় ৷ পুৱ অসম সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ ডউপস্থিতিত আয়োজিত এই অনুষ্ঠানত স্থানীয় লোক, ছাত্ৰ ছাত্ৰী অভিভাৱক, বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰ উপৰিও বন বিভাগৰ বিষয়া কৰ্মচাৰীও উপস্থিত থাকে ৷ 

ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে মুথ্য অতিথি হিচাবে অংশ গ্ৰহন কৰা অনুষ্ঠানত বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ অনুপম শৰ্মা আৰু কাজিৰঙাৰ পশ্চিম বনাঞ্চল, বাগৰিৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়াই সমল ব্যত্তি হিচাবে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানৰ আৰম্ভনীতেই বোকাখাতৰ জ্যোতি  সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সমবেত সংগীত পৰিৱেশন কৰে ৷ অনুষ্ঠানত মুথ্য অতিথি আৰু সমল ব্যক্তিৰ উপৰিও জেষ্ঠ নাগৰিক ধীৰেণ ফুকন, জেষ্ঠ সাংবাদিক স্বপন নাথ, পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, ৰাইজিং চান স্কুলৰ অধ্যক্ষ দেৱাশীৰ্ষ বৰুৱা, নুমলীগড়ৰ স্বাস্থ্য কৰ্মী পদ্মজা খউণ্ড, সাংবাদিক বিতোপন বৰা, মনোজ প্ৰতিম শইকীয়াৰ উপৰিও কেউটা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া সকলো উপস্থিত থাকে ৷ 

কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশীয়ে আদৰণি ভাষণৰ উপৰিও দুটি গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ৷ আজিৰ অনুষ্ঠানতে বিগত সময়চোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই কাষৰীয় অঞ্চলৰ উপৰিও স্থানীয় শিক্ষানুষ্ঠান বোৰত আয়োজন কৰা পৰিৱেশ অনুকূল জীৱন শৈলীৰ বিশেষ অনুষ্ঠানত আয়োজিত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগী সকলক মানপত্ৰ আৰু বঁটা প্ৰদান কৰা হয় ৷ লগতে মিচন লাইফ অভিযানৰ লগত সংগতি যোৱা ২ জুনত বোকাখাতত আয়োজিত ক্ৰচ কান্ত্ৰি দৌৰ প্ৰতিযোগিতাত স্থান লাভ কৰা পুৰুষ আৰু মহিলা উভয়ৰে প্ৰথম দহটা স্থান লাভ কৰা প্ৰতিযোগীক নগদ ধন মানপত্ৰ আৰু বঁটাৰে পুৰস্কৃত কৰাৰ বিপৰীতে নিৰ্ধাৰিত দৈৰ্ঘ সম্পুৰ্ণ কৰা প্ৰতিযোগীক মানপত্ৰ প্ৰদান কৰা হয় ৷ 

উল্লেখ যে ক্ৰচ কান্ত্ৰি দৌৰ প্ৰতিযোগিতাৰ পুৰুষৰ ১৫ কিলোমিটাৰ দৈৰ্ঘত কাৰ্বি আংলং জিলাৰ ডিলাইৰ চন ইংতি প্ৰথম, হৰমন টিমুং দ্বিতীয়, খুমটাইৰ তীখেশ্বৰ কুৰ্মীয়ে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে মহিলাৰ ১০ কিলোমিটাৰ দৌৰত কাৰ্বি আংলংৰ সাংমীৰ তেৰাংপী প্ৰথম, কাজিৰ মিলিকপী দ্বিতীয় আৰু বোকাখাতৰ মনিকা মাঝিয়ে তৃতীয় স্থান লাভ কৰে ৷

**********