বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস : ছাতেৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা :
Aiidesh News : 25 July -2025 :
বোকাখাতৰ যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয় বা জে ডি এছ জি মহাবিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস ২৪ জুলাইত দিনজোৰা কাৰ্য্যসূচীৰে মহাবিদ্যালয় খনৰ প্ৰাংগনত অনুষ্ঠিত হয় । এই উপলক্ষে পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ দীপালী ৰাজকুমাৰীয়ে ৷ স্মৃতি তৰ্পণ কৰে সহযোগী অধ্যাপক প্ৰশান্ত শইকীয়া ৷ দাতাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰে কুৰুৱাবাহী সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিদ্যানন্দ দেৱ গোস্বামীয়ে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলা ভিত্তিত অনুষ্ঠিত কুইজ প্ৰতিযোগিতা উদ্বোধন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ দীপালী ৰাজকুমাৰীয়ে । জিলাৰ বিভিন্ন প্ৰান্তৰৰ মুঠ ১৭ টা দলে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতা পৰিচালনা কৰে ৰাজনীতি বিভাগৰ অধ্যাপক শশাংক ধবল শইকীয়া আৰু আকাশজোতি শৰ্মাই । কুইজ প্ৰতিযোগিতাত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ হেমন্ত বৰা আৰু কংকিতা দেবীয়ে প্ৰথম স্থান পোৱাৰ বিপৰীতে জে ডি এছ জি মহাবিদ্যালয়ৰ মিনাক্ষী শইকীয়া আৰু ভাৰতী হাজৰিকাই দ্বিতায় স্থান আৰু জে ডি এছ জি মহাবিদ্যালয়ৰে আৰয়ানীল কাশ্যপ আৰু অনশিকা বৰাৰ লগতে চয়নিকা দত্ত আৰু নিলোৎপৰনা দেৱীয়ে যুটীয়া ভাৱে তৃতীয় স্থান লাভ কৰে । বঁটা বিতৰণী অনুষ্ঠানত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক আৰ্থিক পুৰস্কাৰ আৰু মান পত্ৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানত মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ ড০ বাবুলাল মোৰ, প্ৰাক্তন অধ্যাপক কমল গগৈ, প্ৰাক্তন গ্ৰন্থাগাৰিক শ্ৰীমন্ত মাধৱ বৰা, অধ্যাপিকা ড০ শান্তি চায়া বৰুৱা বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানতে জে ডি এছ জি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান চলিত বৰ্ষৰ ১৬ আৰু ১৭ অক্টোবৰত অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰা হয় ।
**********