‘ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী’ বাহনৰ জৰিয়তে ক’ভিড প্ৰতিষেধক প্ৰদান

স্বাস্থ্য বিভাগে "ভ্ৰাম্যমাণ ক'ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন"ৰ জৰিয়তে ৰাজ্যখনৰ গাঁৱে-গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে গৈ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোকে ক'ভিড প্ৰতিষেধক দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷

ইতিমধ্যে নামনি অসমৰ তিনিখন জিলাত এই অভিযান মুকলি কৰাৰ পাছত সোমবাৰে  স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উজনি অসমৰ তিনিখন জিলা- মাজুলী, শিৱসাগৰ আৰু যোৰহাটৰ বাবেও ভ্ৰাম্যমাণ ক'ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন'ৰ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
যোৰহাটৰ আই এছ বি টি ৰ বাছ স্থানত আয়োজিত আজিৰ এই অনুষ্ঠানত উজনিৰ তিনিখন জিলাত চুবুৰীয়ে চুবুৰীয়ে ক'ভিড প্ৰতিষেধক দিবলৈ ১৫ খন "মোবাইল ভেক্সিনেছন ভান"ৰ ফ্লেগ অফ কৰি ৰাওনা কৰায় মন্ত্ৰীজনে। 
*ইতিমধ্যে ২ 
 কোটিতকৈও অধিক ভেকচিন প্ৰদান কৰিলে স্বাস্থ্য বিভাগে আৰু যি সকলে এতিয়াও লোৱা নাই তেওঁলোকক চুবুৰীয়ে চুবুৰীয়ে গৈ দিয়াৰ বাবেই এই ভ্ৰাম্যমান ক'ভিড ভেকচিন প্ৰদানকাৰী বাহনৰ ব্যৱস্থা কৰে হৈছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । 
আনহাতে 
দুৰ্গা পূজাৰ আগতেই সকলোকে ভেকচিন দিয়াৰ পৰিকল্পনা

17 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা মেগা ভেকচিন প্ৰদান কায্যসূচীৰ জৰিয়তে 7 লাখতকৈও অধিক লোকক ভেকচিন দিয়াৰ লক্ষ্য লৈছে চৰকাৰে

তৃতীয় ঢৌ আহিলেও তাৰ বিৰুদ্ধে যুঁজ দিবলৈ  সম্পূৰ্ণ সাজু চৰকাৰ

দশম শ্ৰেণীৰ পাঠদান কেতিয়া হ'ব এই সিদ্ধান্ত এতিয়াও লোৱা নাই চৰকাৰে

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত,  

যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট ,