স্থানীয় গাওঁবাসীৰ সহযোগিতাৰে জলবায়ু প্ৰকল্প আঁচনিৰে নদুৱাৰ ৰাজহ চক্ৰৰ দোলাবিলত নিৰ্মান কৰা বান্ধ মুকলি :
Aiidesh News : 11 June - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত মেচাৰ্চ নদুৱাৰ কৈৱৰ্ত্ত মাছ মৰা সমবায় সমিতি আৰু অসম চৰকাৰ মাজত চলি থকা এটা গোচৰৰ আধাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১০ এপ্ৰিলত, ৫ মে’ আৰু ৩ জুনত জাৰি কৰা এক নিৰ্দেশৰ আধাৰত নদুৱাৰ ৰাজহ চক্ৰৰ অধীনত নলনি বিলৰে সৰু দোলাপানী বিলত কাজিৰঙা কৰ্তৃপক্ষই নিৰ্মাণ কৰা এটা বান্ধ ১০ জুনত মুকলি কৰি দিয়া হয় ।
বান্ধটো মুকলি কৰাৰ সময়ত তিৱাৰীপাল পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ গাওঁবাসীয়ে অভিযানৰ সময়ত বন বিভাগ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় । উল্লেখ্য যে জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু জীৱিকা বৃদ্ধিৰ বাবে পানী সংগ্ৰহৰ লক্ষ্যৰে জলবায়ু-স্থিতিস্থাপক পদক্ষেপৰ অংশ হিচাপে এই বান্ধটো নিৰ্মাণ কৰা হৈছিল। নাবাৰ্ডৰ অৰ্থ সাহাৰ্যৰে জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাষ্ট্ৰীয় অভিযোজন পুঁজিৰ অধীনত যোগান ধৰা পুঁজি আৰু স্থানীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ দ্বাৰা এই বান্ধ নিৰ্মান কৰা হৈছিল যাতে "জৈৱিক কৃষি আৰু পুখুৰী-আধাৰিত মৎস্য উৎপাদনৰ জৰিয়তে অঞ্চলটোৰ দুৰ্বল সম্প্ৰদায় সমূহৰ বাবে জলবায়ু স্থিতিস্থাপক জীৱিকা সৃষ্টি"ক বাবেই এই বান্ধ নিৰ্মানৰ প্ৰকল্পটোৰ হাতত লোৱা হৈছিল ৷
মেচাৰ্ছ নদুৱাৰ কৈৱৰ্ত্ত মাছ মৰা সমবায় সমিতু লিমিটেডে তেওঁলোকৰ মীন পালনৰ ওচৰত থকা বান্ধটো লীজত নোখোলাৰ বাবে ক্ষুব্ধ হৈ গুৱাহাটী উচ্চ ন্যায়লয়ত বান্ধটো খুলিবৰ বাবে গোচৰ ৰজু কৰিছিল । এতিয়া গুৱাহাটী উচ্চ ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে স্থানীয় জনসাধাৰণ আৰু প্ৰশাসনৰ উপস্থিতিত বন্ধটো মুকলি কৰি দিয়া হয় ৷ কিন্তু বিষয়টো উচ্চ ন্যায়লয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিষয়টোৰ ওপৰত মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও গাওঁবাসীৰ শান্তিপূৰ্ণ সহযোগিতাই মাননীয় ন্যায়ালয়ৰ নিৰ্দেশনা সুচাৰুৰূপে পালন কৰাত সহায় কৰা বুলি জনায় ।
**********