ডিচেম্বৰত বোকাখাতত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহ : ৰাজহুৱা সভাত ৫১ জনীয়া মূল সমিতি আৰু ১৮ খন উপ-সমিতিৰে পূৰ্ণাঙ্গ সমিতি গঠন :
                            Aiidesh News : 16 September 2023 :
বোকাখাতত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত আৰু বোকাখাত জিলা শাখাৰ আতিথ্যত প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহ ২০২৩ অনুষ্ঠিত হ'ব ৷ ডিচেম্বৰ মাহৰ ২৩, ২৪ আৰু ২৫ তাৰিখত অনুষ্ঠিত হ'ব লগা প্ৰথম বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আজি আদৰণী সমিতি গঠন সভা সম্পন্ন হৈ যায় । এই উপলক্ষে বোকাখাত জিলা শাখাৰ আতিথ্যত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত ১৬ ছেপ্তেম্বৰত আদৰণী সমিতি গঠনৰ ৰাজহুৱা সভা বোকাখাত বিষ্ণুপুৰ প্ৰাথমিক শাখা নামঘৰত অনুষ্ঠিত হয় । জিলাৰ সংস্কৃতি শাখাৰ শিল্পী ৰূপা হাজৰিকাৰ তত্বাৱধানত শিশু শিল্পীসকলৰ দ্বাৰা বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা আদৰণী সমিতিৰ সভাত সভাপতিত্ব কৰে সঙ্ঘৰ বোকাখাত জিলা শাখাৰ সভাপতি ধনেশ্বৰ লইঙে ।
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই উদ্ধোধন কৰা সভাখনত অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন, সঙ্ঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰা, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়া, ক্ৰীড়া সংগঠক সুবোধ বৰা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি অনিমেষ শইকীয়া, জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ছৈয়দ আনিচুৰ ৰহমান, মহকুমা প্ৰশাসনৰ হৈ সহকাৰী আয়ুক্ত দিপ্তীমনি টাইকে ধৰি ভালে সংখ্য বৰেণ্য লোক উপস্থিত থাকে ৷
পৰৱৰ্তী সময়ত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক ক্ৰীড়া সমাৰোহ ২০২৩ ৰ আদৰণী সমিতিৰ সভাপতি হিচাবে সোণেশ্বৰ আহোমক, কাৰ্যকৰী সভাপতি হিচাবে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক, সাধাৰণ সম্পাদক ৰূপে দিব্যজ্যোতি হাজৰিকাক, বিত্ত উপ-সমিতিৰ সভাপতি হিচাবে মহাবীৰ প্ৰসাদ আগৰৱালাক, সম্পাদক হিচাবে অনিমেষ শইকীয়াক নিৰ্বাচন কৰি ৫১ জনীয়া এখন সমিতি গঠন কৰা হয় ৷
ডিচেম্বৰ মাহৰ ২৩, ২৪ আৰু ২৫ তাৰিখে হ'ব লগা এই ক্ৰীড়া সমাৰোহত সঙ্ঘৰ বিভিন্ন প্ৰান্তৰ ৫৪ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ ল'ব ৷ সভাত প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় ক্ৰীড়া সমাৰোহৰ বাবে প্ৰায় ৯ লাখ ৯৮ হাজাৰ টকাৰ এখন বাজেট গ্ৰহণ কৰা হয় ৷ সভাৰ আঁত ধৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শিক্ষা শাখা সমিতিৰ সম্পাদক চন্দ্ৰকান্ত ভূঞা, বোকাখাত জিলা শাখাৰ সম্পাদক যতিন লইং আৰু আদৰণী সমিতিৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই ৷ সভাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে বোকাখাত জিলা শাখাৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াও উপস্থিত থাকে ৷
*********
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
