ৰাভা ককাইদেউৰ শেষৰ গীত লিখা কাগজ খন : ভৱেশ শইকীয়া

ৰাভা ককাইদেউৰ শেষৰ গীত লিখা কাগজ খন  : ভৱেশ শইকীয়া
A nostalgic moment captured: Comrade Bishnurabha with Moghai Oja at Bokakhat, way back in 1957

 

ৰাভা ককাইদেউৰ শেষৰটো গীত 'কল্যান খৰমান" লিখা কাগজ খন  : ভৱেশ শইকীয়া  : 

Aiidesh News : 19 June 2023

বিষ্ণু ৰাভাই তেওঁৰ কালজয়ী গীত 'মোৰ এই শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিণী কল্যান খৰমান' লিখিছিল বিয়াৰ এখন নিমন্ত্ৰনী পত্ৰৰ পিঠিত ৷ বিয়াৰ নিমন্ত্ৰনী পত্ৰখন আছিল বোকাখাতৰ জেষ্ঠ সাংবাদিক নবৈৰ উৰ্ধৰ প্ৰবীন সাংবাদিক ভৱেশ শইকীয়াৰ ৷ এই সম্পৰ্কত 'এইদেশ' ত প্ৰবীন সাংবাদিক গৰাকীৰ এক বিশেষ লিখা  -

বিষ্ণু ৰাভা ককাইদেউৰ ৫৫ সংখ্যক মৃত্যু দিৱসৰ প্ৰাক ক্ষনত মই তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো ৷ ৰাভা ককাইদেউ আপোনাৰ মৰম আকলুৱা তাহানিৰ সেই 'মই'টোয়ে আজি আপোনাৰ বিশাল মনৰ মাজত সাম্যৰ সমাজখনৰ বাস্তৱ দৃশ্যাৱলী দেখাৰ সপোন দেখি ফুৰিছে ৷ সেয়েহে আজি আপোনাৰ মৃত্যু তিথিত আপোনাৰ শেষ গান কল্যান খৰমান লিখা সেই কাগজৰ টুকুৰাটোলৈ মনত পৰিছে ৷ আপুনি কিয় বাৰু কাগজৰ টুকুৰাবোৰ পকেটত লৈ ফুৰিছিল ৷ কি আছিল সেই কাকতৰ টোপোলাবোৰত ! নিশ্চয় মানুহৰ মৰম বোৰেই আছিল তাত ৷ ককাইদেউ মোৰ ১৯৬৪ চনৰ ১১ মাৰ্চত পতা বিয়াৰ নিমন্ত্ৰনী পত্ৰখন আপুনি লৈ ফুৰিছিল ৷ গীতটো লেখি বিষ্ণুৰাভাই দধি মহন্তক দেখুৱাইছিল আৰু পিচত কেশৱ মহন্তৰ কন্ঠত সুৰ দি গোৱাইছিল ৷ কমৰেড দধি মহন্তই এদিন কৈছিল - হেৰা ভৱেশ তোমাৰ নিমন্ত্ৰনী পত্ৰখনৰ পিঠিতেই কমৰেড ৰাভাই তেওঁৰ এই শেষ গানটো লিখিছিল ৷ মই পাইছিলো ৷ মোক ৰাভা ককাইদেউয়ে এদিন কৈছিল - ভৱেশ তোমাৰ বিয়াত যাব নোৱাৰিলো ৷ চিঠি পাইছিলো ৷ এইয়া চোৱা বুলি বিয়াৰ নিমন্ত্ৰনী পত্ৰ খন উলিয়াই দেখুৱাইছিল ৷ সেই স্মৃতি আজি মোৰ মানসপটত ভাহি উঠিছে ৷ সেমেকি উঠিছে দুচকু ৷ এই স্মৃতি ৰোমন্থৰেই সোঁৱৰিছো আপোনাক  ৷

*******

ভৱেশ শইকীয়া বোকাখাতৰ এজন জেষ্ঠ সাংবাদিক,  বোকাখাত প্ৰেছ ক্লাব আৰু আচাম প্ৰেছ ক'ৰচপেণ্ডেন্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি  ৷