বাঘ সংৰক্ষিত বনাঞ্চল গঠনৰ বাবে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষন প্ৰধিকৰণে দিয়া প্ৰস্তাৱ নাকচ গোৱাৰ ৰাজ্যিক বন্যপ্ৰাণী আয়োগৰ :

বাঘ সংৰক্ষিত বনাঞ্চল গঠনৰ বাবে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষন প্ৰধিকৰণে দিয়া প্ৰস্তাৱ নাকচ গোৱাৰ ৰাজ্যিক বন্যপ্ৰাণী আয়োগৰ :

বাঘ সংৰক্ষিত বনাঞ্চল গঠনৰ বাবে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষন প্ৰধিকৰণে দিয়া প্ৰস্তাৱ নাকচ গোৱাৰ ৰাজ্যিক বন্যপ্ৰাণী আয়োগৰ :  

Aiidesh News  : 16 July 2023  :

কেন্দ্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশনা মতে গোৱাৰ মাদেই বন্যপ্ৰাণী অভয়াৰণ্যক বাঘ সংৰক্ষিত বনাঞ্চলৰ বাবে অনুকুল নহয় বুলি গোৱাৰ ৰাজ্যিক বন্যপ্ৰাণী আয়োগে ৰাজ্য খনত বাঘ সংৰক্ষিত বনাঞ্চল স্থাপনৰ বাবে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণে দিয়া প্ৰস্তাৱ নাকচ কৰিছে । গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত পৌৰহিত্যত আৰু বনমন্ত্ৰী বিশ্বজিৎ ৰাণেৰ উপস্থিতিত ১২ জুলাইত অনুষ্ঠিত ৰাজ্যিক বন্যপ্ৰাণী আয়োগৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উল্লেখ্য যে গোৱাৰ বনমন্ত্ৰী বিশ্বজিত ৰাণেই যোৱা বছৰ এপ্ৰিল মাহতেই সংবাদ মাধ্যমক কৈছিল যে যেতিয়ালৈকে মই বনমন্ত্ৰীহৈ থাকিম তেতিয়ালৈকে গোৱাত বাঘ সংৰক্ষিত বনাঞ্চলৰ কোনো প্ৰশ্নই আহিব নোৱাৰে ৷

ৰাজ্যখনৰ আগশাৰীৰ প্ৰকৃতি সংগঠন গোৱা ফাউণ্ডেচনে গোৱা আৰু ইয়াৰ কাষৰীয় অঞ্চলৰ বনাঞ্চলৰ উপযোগীকৈ বাঘ সংৰক্ষিত বনাঞ্চলৰ ঘোষণাৰ বাবে মুম্বাই উচ্চ ন্যায়ালয়ৰ গোৱা বিচাৰপীঠত দাখিল কৰা এক আবেদনৰ শুনানি চলি থকাৰ সময়তেই গোৱাৰ বন্যপ্ৰাণী আয়োগে লোৱা এই সিধান্ত অতিকে তাৎপৰ্য পুৰ্ণ বুলি বিবেচিত হৈছে ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণে  বিগত সময়চোৱাত আৰু সৰ্বশেষত ২০২০ চনত গোৱাৰ মাদেই বন্যপ্ৰাণী অভয়াৰণ্যক বাঘ সংৰক্ষিত বনাঞ্চল কৰাৰ পৰামৰ্শ দিছিল । মাদেই বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ষুদ্ৰ পৰিসৰৰ উদ্ধৃতিৰে গোৱাৰ বন্যপ্ৰাণী আয়োগে এতিয়া ৰাষ্ট্ৰীয় বাঘ্ৰ সংৰক্ষন প্ৰাধিকৰণে গোৱাত বাঘ সংৰক্ষিত বনাঞ্চল স্থাপনৰ বাবে দিয়া প্ৰস্তাৱ নাকচ কৰিছে ৷ 

২০১৯ চনত মাদেই অভয়াৰণ্যত চাৰিটা ঢেকীয়াপতীয়া বাঘ, এজনী বাঘিনী আৰু তিনিটা পোৱালীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় বাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰনে গোৱা চৰকাৰক ৰাজ্যখনত বাঘ সংৰক্ষিত বনাঞ্চল স্থাপনৰ পৰামৰ্শ দিছিল । প্ৰকৃততে গোৱাৰ মাদেই আৰু মোলেম বনাঞ্চলক সামৰি সমুহ সংৰক্ষিত এলেকা পশ্চিম ঘাটৰ জৈৱ মণ্ডলৰেই অংশ ৷ বিশেষজ্ঞৰ মতে এই জৈৱ মণ্ডলত বিশ্বৰ সৰ্বাধিক বাঘৰ সংখ্যা থকাৰ সম্ভাৱনা আছে । এই জৈৱ মণ্ডলত সংলগ্নিত কেইবাখনো ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আছে ৷ এই বনাঞ্চলৰেই গোৱাৰ সংৰক্ষিত বনাঞ্চলক বিধিগত ভাৱে বাঘ সংৰক্ষিত বনাঞ্চললৈ উন্নীত নকৰিলে গোৱাৰ বনাঞ্চল বাঘৰ মৰণ ফাণ্ডলৈ পৰিণত হ'ব পাৰে বুলি ৰাষ্ট্ৰীয় বাঘ সংৰক্ষন প্ৰধিকৰণে ২০২০ চনতেই দিয়া এক প্ৰতিবেদনত উল্লেখ আছে ৷ ইয়াৰ পুৰ্বে ২০১১ আৰু ২০১৬ চনতো ৰাষ্ট্ৰীয় বাঘ সংৰক্ষন প্ৰধিকৰণে গোৱাক এনে প্ৰস্তাৱ দিছিল ৷

গোৱাৰ মাদেই বন্যপ্ৰাণী অভয়াৰণ্য, মোলেম বন্যপ্ৰাণী অভয়াৰণ্য, ভগৱান মহাবীৰ ৰাষ্ট্ৰীয় উদ্যান, কটিগাও বন্যপ্ৰাণী অভয়াৰণ্য আৰু নেত্ৰাৱলী বন্যপ্ৰাণী অভয়াৰণ্য ৰাজ্যখনৰ পূব সীমান্তত অৱস্থিত ৷ এই গোৱাৰ পুৱৰ ৭৫০ বৰ্গ কিলোমিটাৰ জোখৰ এই বনাঞ্চল বন্যপ্ৰাণীৰ প্ৰাচীন বাসস্থান বুলি স্বীকৃত ৷ গোৱাৰ ৰাজ্যিক সীমাৰ অতিক্ৰম কৰি অঞ্চল কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ বাঘ সংৰক্ষিত বনাঞ্চল আৰু   সুৰক্ষিত এলেকাৰ সৈতে সংলগ্ন হৈ আছে । প্ৰকৃতি সংগঠন গোৱা ফাউণ্ডেচনৰ মতে পুৱ গোৱাৰ এই প্ৰসাৰিত অঞ্চল পশ্চিম ঘাট জৈৱ মণ্ডলৰ এক অবিচ্ছেদ্য অংগ আৰু বিৰল প্ৰজাতি বন্যপ্ৰাণীৰো গুৰুত্বপুৰ্ণ আৱাস ৷

*********