স্থানীয় সংবাদিকৰ সৈতে বোকাখাতৰ নৱ নিযুক্ত মহকুমাধিপতি চিমি কৰণৰ চিনাকী পৰ্ব আৰু বিশেষ বৈঠক : বোকাখাত মহকুমাৰ সমস্যাৰ ওপৰত আলোচনা :

স্থানীয় সংবাদিকৰ সৈতে বোকাখাতৰ নৱ নিযুক্ত মহকুমাধিপতি চিমি কৰণৰ চিনাকী পৰ্ব আৰু বিশেষ বৈঠক  : বোকাখাত মহকুমাৰ সমস্যাৰ ওপৰত আলোচনা  :
Aiidesh Photo

Aiidesh News  : 12 September  2023  :

বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত ১২ চেপ্তেম্বৰত মহকুমাধিপতি চিমি কৰণৰ সৈতে বোকাখাতৰ সমুহ সাংবাদিকৰ সৈতে এক চিনাকীপৰ্ব আৰু  মত বিনিময়ৰ এক বৈঠক  অনুষ্ঠিত হয় ৷ বৈঠকত মহকুমাটোৰ ইলেক্ট্ৰনিক আৰু ছপা মাধ্যমৰ সমুহ সাংবাদিকে অংশগ্ৰহন কৰি বোকাখাতৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে । মহকুমাটোৰ সংবাদকর্মীসকলে সভাৰ আৰম্ভণিতে নৱ নিযুক্ত মহকুমাধিপতি চিমি কৰণক ফুলাম  গামোছাৰে  আদৰণি জনায় ।

মত বিনিময়ৰ এই বিশেষ বৈঠকত মহকুমাধিপতি চিমি কৰণে উপস্থিত সংবাদিক সকলক  বোকাখাত মহকুমাৰ সমস্যা সমূহৰ সমাধানৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্রদান কৰে । বোকাখাত মহকুমাৰ যদি কোনো স্পৰ্শকাতৰ সাংবাদিক সকলৰ দৃষ্টি গোচৰ হয় আৰু য'ত প্ৰশাসনৰ তাৎক্ষণিক পদক্ষেপৰ প্ৰয়োজন, তেনেক্ষেত্ৰত সংবাদিক সকলে পলম নকৰাকৈ বিষয়টোৰ সন্দৰ্ভত মহকুমাধিপতিক অৱগত কৰিবলৈ তেওঁ সাংবাদিক সকলক আহ্বান জনায় । নৱ নিযুক্ত মহকুমাধিপতি গৰাকীয়ে বোকাখাতৰ উন্নয়ন তথা সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰশাসনক দিহা পৰামৰ্শ, মতামত আৰু সহযোগিতা আগবঢ়াই যাবলৈও সংবাদিক সকলক অহ্বান জনায় । 

বোকাখাতৰ বাবে গুৰুত্বপুৰ্ণ বুলি বিবেচিত এই বৈঠকত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, সম্পাদক নীলু আচাৰ্য,  বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া, ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচ'চিয়েচনৰ সম্পাদক সুদীপ্ত তামুলী, জেষ্ঠ সাংবাদিক ৰাজীৱ বৰা, দিব্যজ্যোতি হাজৰিকা,  পৱন কামান, ৰঞ্জিত ৰজক, প্ৰদীপ হাজৰিকা , অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা,  জেষ্ঠ সাংবাদিক ড৹ বাবুলাল মোৰ আদিয়ে বোকাখাত মহকুমাৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে ৷ বৈঠকত মহকুমাধিপতিৰ উপৰিও বোকাখাত মহকুমাৰ ৰাজহ চক্র বিষয়া চম্পক ডেকা, বোকাখাতৰ নিৰ্বাচনী বিষয়া পৰিস্মিতা দিহিঙ্গীয়া, বোকাখাতৰ তথ্য আৰু জনসংযোগ বিষয়া নীৰা ৰায় উপস্থিত থাকে ৷

********