কাজিৰঙাত বোকাখাত মহকুমা সাংবাদিক সংগঠনৰ প্ৰতিনিধিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বৈঠক : বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ ক্ষতিপূৰণৰ পৰিমান বৃদ্ধিৰ বাবে অসম চৰকাৰক দাবী :

কাজিৰঙাত বোকাখাত মহকুমা সাংবাদিক সংগঠনৰ প্ৰতিনিধিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বৈঠক : বন্যপ্ৰাণী আৰু মানুহৰ  সংঘাতৰ ক্ষতিপূৰণৰ পৰিমান বৃদ্ধিৰ বাবে অসম চৰকাৰক দাবী :
Aiidesh Photo

Aiidesh News :  3 January 2024 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ শেষতীয়া কেত বোৰ ঘটনাক কিছু লোকে বিপথে পৰিচালিত কৰা কাৰ্যৰ পটভূমিত আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মহিমিৰি প্ৰেক্ষাগৃহত উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বোকাখাত মহকুমাৰ সংবাদিক সকলৰ এক বিশেষ বৈঠক অনুষ্ঠিত হয় ৷ কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষৰ উপস্থিতিত আয়োজিত এই বৈঠকত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, সম্পাদক নীলু আচাৰ্য, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভুতি ৰঞ্জন গগৈৰ লগতে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ প্ৰতিনিধি সকল উপস্থিত থাকে ৷ 

বৈঠকত সঞ্চালক ড৹ সোনালী ঘোষে কাজিৰঙাৰ সামগ্ৰিক সংৰক্ষণ আৰু উন্নয়নৰ বাবে সংবাদ মাধ্যমৰ সহযোগিতা আহ্বান কৰে ৷ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই সমাজৰ কিছু লোকে কৰা বিভ্ৰান্তিকৰ কাৰ্যত মনোবল নেভাঙিবৰ বাবে বন বিষয়া সকলক আহ্বান জনায় ৷ আলোচনাত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সৃষ্টি হোৱা ক্ৰমবৰ্ধমান সংঘাত আৰু ৰাষ্ট্ৰীয় উদ্যানৰ গড়া খহনীয়া বিষয়তো আলোচনা হয় ৷ বৈঠকত এনে সংঘাতৰ পটভুমিত দুৰ্গত লোকৰ ক্ষতিপূৰণৰ পৰিমান বৃদ্ধিৰ বাবে অসম চৰকাৰক দাবী জনায় ৷ উল্লেখ্য যে অসমত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতত ক্ষয় ক্ষতি বা নিহত হোৱা লোক আৰু পৰিয়ালক দিয়া ক্ষতিপূৰণৰ মাত্ৰ দেশৰ বাকী ৰাজ্যৰ তুলনাত অতি কম ৷ যাৰবাবে এই পৰিমান তৎকালেই বৃদ্ধি কৰিবৰ বাবে আজিৰ বৈঠকত বোকাখাত আৰু কাজিৰঙাৰ সমুহ সাংবাদিকে অসম চৰকাৰক দাবী জনায় ৷