বোকাখাতৰ ঐতিহ্যমণ্ডিত নিকৰিঘাটৰ ধনশিৰি নদীৰ ওপৰত বাঁহৰ দলং : গাঁঠিৰ ধন ভাঙি বাঁহৰ দলং সাঁজি অসাধ্য সাধিলে পদ্ম মেধিয়ে : জনকল্যানৰ অপুৰ্ব নিদৰ্শন :

বোকাখাতৰ ঐতিহ্যমণ্ডিত নিকৰিঘাটৰ ধনশিৰি নদীৰ ওপৰত  বাঁহৰ দলং : গাঁঠিৰ ধন ভাঙি বাঁহৰ দলং সাঁজি অসাধ্য সাধিলে পদ্ম মেধিয়ে  : জনকল্যানৰ অপুৰ্ব নিদৰ্শন  :
Aiidesh Photo
বোকাখাতৰ ঐতিহ্যমণ্ডিত নিকৰিঘাটৰ ধনশিৰি নদীৰ ওপৰত  বাঁহৰ দলং : গাঁঠিৰ ধন ভাঙি বাঁহৰ দলং সাঁজি অসাধ্য সাধিলে পদ্ম মেধিয়ে  : জনকল্যানৰ অপুৰ্ব নিদৰ্শন  :

Aiidesh News  : 23 November  2023  :

এজন ব্যক্তিৰ একক প্ৰচেষ্টাৰে বোকাখাত মহকুমাৰ ঐতিহ্যমণ্ডিত নিকৰিঘাটত ধনশিৰি নদীৰ ওপৰত নিৰ্মান হোৱা এখন বাহৰ দলং আজি আনুষ্ঠানিকভাৱে ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হয় ৷ এলেংমাৰীৰ বাসিন্দা পদ্ম মেধিয়ে নিজৰ গাঁঠিৰ ধন ভাঙি ধনশিৰি নদীৰ ওপৰত সাঁজি উলিয়াইছে প্ৰায় ৩ শ মিটাৰ দিঘল এই বাঁহৰ দলংখন ৷ এই দলঙ খনে নিকৰিঘাট আৰু এলেংমাৰীক সংযোগ কৰিব ৷ যাৰ বাবে দুয়োপাৰৰ বহু গাওঁৰ বাবে যাতায়ত সুচল হৈ পৰিব ৷ 

আহোম কছাৰী যুদ্ধ, মানৰ আক্ৰমন আৰু ইংৰাজ ৰাজত্বৰ সময়ত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰা ধনশিৰিৰ নদীবন্দৰ নিকৰিঘাটত পদ্ম মেধি নামৰ ব্যক্তি জনে সাঁজি উলিয়ালে এখন বাঁহ দলং ৷ নিজৰ গাঁঠিৰ প্ৰায় চাৰি লক্ষাধিক  টকা ব্যয় কৰি নিকৰি এলেংমাৰী পাৰঘাট পৰিচালনা সমিতি আৰু স্থানীয় লোকৰ সহযোগত তিনিমাহ শ্ৰমদান কৰি ধনশিৰি নদীৰ ওপৰত এই বাঁহৰ দলংখন নিৰ্মান কৰি অসাধ্য সাধন কৰিলে পদ্ম মেধিয়ে ৷ তিনি শ মিটাৰ দৈঘ্যৰ এই বাঁহৰ দলংখন নিৰ্মানত ৫ হেজাৰ পুৰঠ ভলুকা আৰু জাতি বাঁহ ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ব্যৱহাৰ আৰম্ভ হোৱাৰ পিচত বাঁহৰ দলংখনত ধনশিৰি নদীখনে কৰিব পৰা ক্ষয় ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিনিয়ত উদ্ধাৰকাৰী আৰু মেৰামতিৰ লোক প্ৰস্তুত কৰি ৰখাৰ ব্যৱস্থা কৰা বুলি দলং নিৰ্মাতা পদ্ম মেধিয়ে জানিবলৈ দিয়ে ৷

আজি ধনশিৰিপাৰৰ নিকৰিঘাটত আয়োজিত এক অনুষ্ঠানত গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক সাংবাদিক পৱন কামানে ফিটা কাটি এই বাঁহৰ দলংখন ৰাইজৰ বাবে মুকলি কৰে ৷ স্থানীয় ব্যক্তি ডিম্বেশ্বৰ কুটুমে বন্তি প্ৰজ্বলন কৰা এই অনুষ্ঠানত গাওঁ পঞ্চায়তৰ বিষয় ববীয়াৰ উপৰিও স্থানীয় ৰাইজ উপস্থিত থাকে ৷ অনুষ্ঠানত উপস্থিত ৰাইজে জনহিতৰ বাবে ধনশিৰি নদীৰ ওপৰত বাঁহৰ দলং সাঁজি অসাধ্য সাধনেৰে সকলোকে উপকৃত কৰাৰ বাবে পদ্ম মেধিক ভূয়সী প্ৰশংসা কৰে ৷

ইতিহাস প্ৰসিদ্ধ নিকৰিঘাটৰ পৰা এলেংমাৰী সংযোগী ধনশিৰি নদীৰ ওপৰত নিৰ্মান কৰা এই বাঁহ দলঙে কুৰুৱাবাহী গাওঁ পঞ্চায়ত আৰু দিচৈ গাওঁ পঞ্চায়তৰ বহু গাওঁৰ মাজত যোগাযোগ সুচল কৰি তুলিলে ৷ ইয়াৰ আগতে স্থানীয় লোক আৰু ছাত্ৰ ছাত্ৰীয় নাৱেৰে ধনশিৰি নদীত বিপদ সংকুল ভাৱে যাতায়ত কৰি আহিছিল ৷ যাৰ বাবে অঞ্চলটোৰ বাসিন্দাই এই স্থানত ধনশিৰি নদীৰ ওপৰত এখন পকী দলং নিৰ্মান কৰিবৰ বাবে অসম চাৰকাৰ আৰু বোকাখাত সমষ্টিৰ বিধায়ককো আবেদন নিবেদন কৰি আহিছিল ৷ সুদীৰ্ঘ সময়ৰ পিচতো চৰকাৰৰ কোনো ব্যৱস্থা হাতত নোলোৱাৰ বাবে ৰাইজৰ কল্যানৰ বাবে পদ্ম মেধি আগবাঢ়ি আহি নিজৰ গাঁঠিৰ ধন ভাঙি ধনশিৰি ওপৰত বাঁহেৰেই দলং নিৰ্মান কৰি এক মহান নিদৰ্শন দাঙি ধৰিলে ৷ আজি পদ্ম মেধিৰ এই বাঁহৰ দলং উদ্বোধনৰ পিচত ধনশিৰি নদীৰ দুয়োপাৰৰ ৰাইজে নিকৰিঘাট আৰু এলেংমাৰী সংযোগ কৰি ধনশিৰি নদীৰ ওপৰত এখন পকী দলং নিৰ্মানৰ বাবে অসম চৰকাৰ আৰু স্থানীয় বিধায়কক দাবী জনায় ৷

********