প্ৰথম সদৌ অসম চিলড্ৰেন টাইকোৱাণ্ডো প্ৰতিযোগিতাত বোকাখাত জিলা টাইকোৱাণ্ডোৰ খেলুৱৈৰ সফলতা :

প্ৰথম সদৌ অসম চিলড্ৰেন টাইকোৱাণ্ডো প্ৰতিযোগিতাত বোকাখাত জিলা টাইকোৱাণ্ডোৰ খেলুৱৈৰ সফলতা :
Aiidesh Photo
প্ৰথম সদৌ অসম চিলড্ৰেন টাইকোৱাণ্ডো প্ৰতিযোগিতাত বোকাখাত জিলা টাইকোৱাণ্ডোৰ খেলুৱৈৰ সফলতা :

Aiidesh News : 8 January 2024  :

টাইকোৱাণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টচ এচোছিয়েছন অৱ আসামৰ তত্বৱধানত ৫ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ  ডিব্ৰুগড় জিলা টাইকোৱাণ্ডো ক্ৰীড়া সন্থাই আয়োজন কৰা প্ৰথম সদৌ অসম চিলড্ৰেন টাইকোৱাণ্ডো প্ৰতিযোগিতাত বোকাখাত জিলা তথা কাজিৰঙাৰ ইনস্পায়াৰ টাইকোৱাণ্ডো একাডেমিয়ে পুৰুষ-মহিলা উভয় শাখাত সফলতা লাভ কৰিবলৈ সক্ষম হয় । এই প্ৰতিযোগিতাত বোকাখাত জিলা তথা কাজিৰঙাৰ ইনস্পায়াৰ টাইকোৱাণ্ডো একাডেমিৰ হৈ অংশগ্ৰহন কৰা জুনিয়ৰ পুৰুষ শাখাত ঋতুৰাজ কলিতা আৰু পি ৱি মহিলা শাখাত আন্নিজায়দিছু ইনলেনপীয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ লগতে কেডেট মহিলা শাখা প্ৰীতি তেৰণপীয়ে ৰূপৰ পদক পোৱাৰ লগতে পি ৱি শাখাত অনুৰাগ ছেত্ৰী আৰু ৰিচিতা তেৰংপীয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰিও জুনিয়ৰ পুৰুষ শাখাত প্ৰণয় জ্যোতি হাজৰিকা, চাব জুনিয়ৰ চেৰণিকা তেৰংপী, কেডেট পুৰুষ শাখাত ৰাজেশ বসুমতাৰী আৰু কেডেট মহিলা শাখাত মতিলা মাঝি আৰু শোভা গগৈয়ে ব্ৰুঞ্জৰ পদক লাভ কৰিব সক্ষম হয় । উক্ত প্ৰতিযোগিতাত বোকাখাত জিলাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে পৰমেশ্বৰ গগৈ।

*******