কালিলৈ ১৫ সদস্য ৰাষ্ট্রৰে গুৰুত্বপূর্ণ বৈঠক আইচিচিৰ

কালিলৈ ১৫ সদস্য ৰাষ্ট্রৰে গুৰুত্বপূর্ণ বৈঠক আইচিচিৰ
গুৰুত্বপূর্ণ বৈঠক আইচিচিৰ

মহামাৰী কৰোনা ভাইৰাছৰ আতংকৰ বাবে স্তব্ধ হৈ পৰা আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ ভৱিষ্যৎ কার্যক্রমণিকা সন্দর্ভত আলোচনা কৰিবলৈ ২৩ এপ্রিলত এক গুৰুত্বপূর্ণ বৈঠক আহ্বান কৰিছে আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলে ৷ ভিডিঅকনফাৰেঞ্চৰ জৰিয়তে অনুষ্ঠিত হবলগীয়া এই বৈঠকত আই চি চিৰ ১২খন পূর্ণাংগ ৰাষ্ট্র আৰু তিনিখন সহযোগী ৰাষ্ট্রৰ প্রতিনিধিসকল মিলিত হব ৷ কভিড১৯ মহামাৰীয়ে বিশ্বত প্রলয়ৰ সৃষ্টি কৰাৰ পিছত ক্রিকেটৰ ভৱিষ্যৎ সন্দর্ভত আই চি চিৰ সকলো সদস্যই প্রথমবাৰৰ বাবে আলোচনাত অংশ লব ৷ বি চি চি আইৰ হৈ সম্পাদক জয় শ্বাহে বৈঠকত উপস্থিত থাকিব৷ এই বৈঠকত মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে শেহতীয়াকৈ স্থগিত হোৱা আন্তঃৰাষ্ট্রীয় ক্রিকেট শৃংখলাৰ সূচী পুনৰ নির্ধাৰণ আৰু ভৱিষ্যতৰ ভ্রমণ কার্যসূচী সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰা হব৷ আই চি চিৰ মুখ্য কার্যবাহী বিষয়া মনু শ্বনিয়ে আজি এক বিবৃতিত এই কথা প্রকাশ কৰে৷ চলিত মহামাৰীৰ প্রভাৱত ক্রিকেট বিশ্ব স্তব্ধ হোৱাৰ পিছত প্রথমবাৰৰ বাবে আই চি চিয়ে এইধৰণৰ বৈঠকৰ আয়োজন কৰিছে৷ ইয়াৰ জৰিয়তে সকলো দেশৰ মতামত গ্রহণ কৰি এক ঐক্যবদ্ধ কার্যসূচী প্রস্তুত কৰা হব৷ ক্রিকেটক পুনৰ শক্তিশালী ৰূপত ওভতাই অনাৰ ক্ষেত্রত সকলো দেশৰ মতামত গ্রহণ কৰা হব৷আই চি চিৰ মুখ্য কার্যবাহী বিষয়াগৰাকীয়ে এইদৰে কয়৷ উল্লেখ্য যে বিগত প্রায় এমাহ ধৰি ক্রিকেটৰ সকলো সৰুবৰ ইভেণ্ট স্থগিত হৈ থকাত ভৱিষ্যতৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট সূচীত ব্যাপক সালসলনি অনিবার্য হৈ পৰিছে৷