কাজিৰঙাৰ বাগৰি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ :

Aiidesh News : 20 January - 2026 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত দেওবাৰৰ দিনা বিয়লি এজনী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় । বাগৰি বনাঞ্চলৰ কাঠপৰা বনশিৱিৰ এলেকাৰ এখন কাঠনিৰ মাজৰ বন পথতে বাঘিনীজনীৰ মৃতদেহটো পায় কৰ্তব্যৰত বন কৰ্মীয়ে । বাঘিনীৰ মৃতদেহ পোৱাৰ পিচত সোমবাৰে পুৱা পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশৰ নেতৃত্বত যোৱা বনবিষয়া আৰু পশুচিকিৎসকৰ দল ঘটনাস্থলীত উপনীত হয় । দলটোত যোৱা পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ পশু চিকিৎসক ডা০ মোহিত নাউল আৰু কাজিৰঙাৰ বিভাগীয় পশুচিকিৎসক ডা০ সৌৰভ বুঢ়াগোহাঁঞে ঘটনাস্থলীতে মৃত ঢেকীয়াপতীয়া বাঘিনী জনীৰ মৰোনোত্তৰ পৰীক্ষা কৰে । মৰোনোত্তৰ পৰীক্ষাৰ পিচত ডি এফ অ’ অৰুণ বিঘ্নেশে বাঘিনীজনী পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে । মৰোনোত্তৰ পৰীক্ষাত চাৰি বছৰীয়া পুৰ্ণবয়স্ক বাঘিনীজনীৰ শৰীৰৰ বিভিন্ন স্থানৰ গভীৰ আঘাতৰ উপৰিও ৰাজহাড়ো ভঙা অৱস্থাত পোৱা বুলি বিষয়া গৰাকীয়ে অৱগত কৰে । মৰোনোত্তৰ পৰীক্ষাৰ পিচত কেন্দ্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশ মতে সকলোৰে উপস্থিতিত ঘটনাস্থলীতেই মৃত বাঘিনীজনীক জ্বলাই দিয়া হয় ।

উল্লখ্য যে চলিত মাহতেই বাগৰি বনাঞ্চলত পোৱা ঢেকীয়াপতীয়া বাঘিনীৰ দ্বিতীয়টো মৃতদেহ । ইয়াৰ পুৰ্বে যোৱা ৪ জানুৱাৰীত বাগৰি বনাঞ্চলৰ পশ্চিম বিমলি বনশিৱিৰ এলেকাত পাৰস্পৰিক যুঁজত মৃত্যু হোৱা মাইকী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হৈছিল ।

***********