বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতত ক্ষতিগ্ৰস্ত লোকক বৰ্ধিত হাৰত ক্ষতি পূৰণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ : এতিয়া ৰাজ্য চৰকাৰেও কাৰ্যকৰী কৰিব লাগিব এই নিৰ্দেশ :

বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতত ক্ষতিগ্ৰস্ত লোকক বৰ্ধিত হাৰত ক্ষতি পূৰণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ  : এতিয়া ৰাজ্য চৰকাৰেও কাৰ্যকৰী কৰিব লাগিব এই নিৰ্দেশ  :
Aiidesh Photo
বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতত ক্ষতিগ্ৰস্ত লোকক বৰ্ধিত হাৰত ক্ষতি পূৰণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ  : এতিয়া ৰাজ্য চৰকাৰেও কাৰ্যকৰী কৰিব লাগিব এই নিৰ্দেশ  :

Aiidesh News  : 14 January 2024  : 

ৰাজ্যত ক্ৰমে বৃদ্ধি পোৱা বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ পটভুমিত বন্যপ্ৰাণীতো বাদেই সংঘাতত ক্ষতিগ্ৰস্ত লোকক দিব লগা ক্ষতিপূৰণৰ পৰিমান আজিও বৃদ্ধি কৰা নাই অসম চৰকাৰে ৷ ২০১৮ চনৰ আগৰ প্ৰস্তুত পুৰণা নিৰিখতেই এই নুন্যতম ক্ষতিপূৰণহে অসমত দি অহা হৈছে ৷ এই ক্ষেত্ৰত ক্ষতিপুৰণ বিচাৰি ৰাজপথলৈ ওলায় অহা বা চৰকাৰী কাৰ্যালয় ঘেৰাও কৰা দল সংগঠনবোৰেও আজিলৈকে ক্ষতিপূৰণ বৃদ্ধি কৰিবৰ বাবে মাত মতা নাই ৷ 

ইয়াৰ বিপৰীতে ভৰতৰ কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰৰ ২২ ডিচেম্বৰত দিয়া ১০৮৫৫৭৮ / ২৩ / ডাব্লিউ এল নম্বৰৰ নিৰ্দেশনা মতে দেশত ২০১৮ চনৰ পৰা চলি অহা বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ পটভুমিত ক্ষতিগ্ৰস্ত লোকক চৰকাৰে দিব লগা ক্ষতিপূৰণৰ পৰিমান বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে ৷ এই নতুন নিৰিখ মতে পুৰ্বৰ পৰিবৰ্তে এনে সংঘাতত মৃত্যু বৰণ কৰা লোকক ১০ লাখ টকা, গুৰুত্বৰ আঘাতৰ বাবে ২ লাখ টকা, লঘু আঘাতৰ বাবে ২৫ হেজাৰ টকালৈকে চিকিৎসা ব্যয় বহন কৰা আৰু সম্পত্তি নষ্টৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজা ববীয়াকৈ ক্ষতিপূৰণৰ পৰিমান নিৰূপন কৰিবৰ বাবে দেশৰ সকলোবোৰ ৰাজ্য চৰকাৰ বন বিভাগৰ সচিবক নিৰ্দেশ দিয়া হৈছে ৷ এই ক্ষতিপূৰণ পূৰ্বৰে পৰা চলি থকা কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠোপোষকতাৰ সংহত বন্যপ্ৰাণী আৱাস উন্নয়ন পুঁজিৰ পৰা প্ৰদান কৰিবৰ বাবেও নিৰ্দেশত উল্লেখ আছে ৷ এই নিৰ্দেশৰ পিচত এতিয়া অসম চৰকাৰেও এই নতুন নিৰিক্ষত ক্ষতিপূৰণ দিয়াৰ বাবে ব্যৱস্থা কৰিব লাগিব ৷ এই নিৰ্দেশ অসম চৰকাৰে কাৰ্যকৰী কৰিলে বন্যপ্ৰাণীৰ আক্ৰমনত নিহত লোকৰ পৰিয়ালে ৪ লাখ টকাৰ পৰিৱৰ্তে ১০ লাখ টকাৰ এক কালিন সাহাৰ্য লাভ কৰিব ৷

উল্লেখ্য যে যোৱা তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক ড৹ সোনালী ঘোষৰ সৈতে ৩ জানুৱাৰীত হোৱা বৈঠকত বোকাখাতৰ সমুহ সাংবাদিকে সঞ্চালক গৰাকীৰ উপস্থিতিত এই ক্ষতিপূৰণৰ পৰিমান বৃদ্ধি কৰিবৰ বাবে অসম চৰকাৰক দাবী জনাইছিল ৷ এতিয়া কেন্দ্ৰীয় নিৰ্দেশনাৰ পিচত এই সংশোধিত আৰু বৰ্ধিত নিৰিখ অসমত শীঘ্ৰেই কাৰ্যকৰী কৰিবৰ বাবে অসম চৰকাৰক দাবী জনাইছে বোকাখাতৰ সমুহ সাংবাদিকে ৷

**********