ধৰ্ণা দিয়াৰ নামত মহিলা বনকৰ্মীক আশালীন মন্তব্য প্ৰতিবাদকাৰীৰ : বোকাখাতত প্ৰতিক্ৰিয়া : ক্ষোভিত আৰক্ষী আৰু বনকৰ্মী :

ধৰ্ণা  দিয়াৰ নামত মহিলা বনকৰ্মীক আশালীন মন্তব্য প্ৰতিবাদকাৰীৰ : বোকাখাতত প্ৰতিক্ৰিয়া  : ক্ষোভিত আৰক্ষী আৰু বনকৰ্মী  :
Aiidesh Photo

Aiidesh News  : 17 January 2024

বন্যপ্ৰাণীৰ আক্ৰমনত পশুধন নিহত হোৱাৰ ক্ষতিপূৰণৰ দাবীৰে বোকাখাতৰ ডি এফ অ’ কাৰ্যালয়ত ধৰ্ণা দিবলৈ গৈ কৰ্মৰত মহিলা বনকৰ্মীক প্ৰতিবাদকাৰীয়ে আশালীন মন্তব্য কৰা কাৰ্যই আজি বোকাখাতত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ একাংশ প্ৰতিবাদকাৰীৰ এনে কাৰ্যক একেমুখে ধিক্কাৰ দিছে সকলোয়ে ৷ জানিব পৰা মতে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ কাষৰীয় ধনশিৰি মুখত বাঘৰ আক্ৰমনত নিহত হৈছে অঞ্চলটোৰ বিকোধন কাৰ্দং নামৰ কৃষকজনৰ চাৰি টাকৈ পোহনীয়া ম'হ ৷ নিহত কৰাৰ পিচত এটা ম'হ ঘটনাস্থলীতে এৰি তিনিটা ম'হৰ মৃতদেহ ঘটনাস্থলীৰ পৰা লৈ যায় বাঘে ৷ এই সংক্ৰান্তত বিধিগত ব্যৱস্থাৰে ক্ষতি পূৰণ বিচৰাৰ বিপৰীতে একাংশ লোকে আজি পুৱাতে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ৰ সমীপত ধৰ্ণা প্ৰদান কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ধৰ্ণা কাৰ্যসুচী চলি থাকোতেই প্ৰতিবাদকাৰী সকলে কৰ্মৰত মহিলা বনকৰ্মী সকলক উদেশ্য অশ্লীল মন্তব্য কৰাক লৈ প্ৰতিবাদ স্থলিত উপস্থিত আৰক্ষী আৰু বনকৰ্মী সকল ক্ষোভিত হৈ পৰে ৷ মহিলা বনকৰ্মীক আশালীন মন্তব্য কৰা প্ৰতিবাদকাৰী সকলৰ ওপৰত গোচৰ ৰজু কৰাৰ সিধান্ত গ্ৰহন কৰাত উপ বনাঞ্চলিক বিষয়াৰ হাততে এখন স্মাৰক পত্ৰ প্ৰদান কৰি পৃষ্ঠভংগ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ 

প্ৰতিবাদৰ নামত এনে অভব্য আচৰণ কৰা ঘটনাত ক্ষোভিত হৈছে সমুহ বনকৰ্মী ৷ বোকাখাতৰ জনসাৰণেও এই কাৰ্যক গৰিহনা দিছে ৷ মন কৰিবলগীয়া যে জনসাধাৰণৰ কল্যান,  বন্যপ্ৰাণীৰ প্ৰতি সহনশীলতা সৃষ্টি কৰি মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত নিয়ন্ত্ৰন কৰাৰ বাবে ঢেকীয়াপতীয়া বাঘৰ আক্ৰমনত ক্ষতিগ্ৰস্ত পৰিয়ালক তাৎক্ষনিকভাৱে ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে বিশ্বৰ আগশাৰীৰ প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি ৷ বিগত বৰ্ষত বিশ্ব প্ৰকৃতি নিধিয়ে বন বিভাগৰ হৈ মুঠ ৭২ গৰাকী পশুধনৰ গৰাকী আৰু ১০৪ টা বন্যপ্ৰাণী সংঘাত ঘটনাৰ ক্ষতিপূৰণ প্ৰদান কৰিছে ৷ 

মানুহৰ অত্যাচাৰ আৰু অগ্ৰাসনত ক্ৰমে বিপদাগ্ৰস্ত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী ঢেকীয়াপতীয়া বাঘৰ গুৰুত্বপূৰ্ণ আৱাস কাজিৰঙাৰ ষষ্ঠ সংযোজন ব্ৰহ্মপুত্ৰৰ চাপৰিতো মানুহৰ কাৰ্যই ভাবুকিৰ সৃষ্টি কৰিছে ৷ যাৰ বাবে যেন কাৰ্যত: প্ৰতিবাদী হৈ পৰিছে ঢেকীয়াপতীয়া বাঘো ৷ এনে পটভুমি জনবসতিলৈ ওলাই আহিবৰ কাৰণে বাধ্য কৰোৱা হৈছে ঢেকীয়াপতীয়া বাঘক ৷ যাৰ পৰিনিতিৰে ফল ১৬ জানুৱাৰীৰ ধনশিৰিমুখৰ ঘটনা ৷ 

ঘটনাৰ সম্পৰ্কত স্থানীয় লোকে জনোৱা মতে যোৱা নিশা বাঘৰ আক্ৰমনত ধনশিৰিমুখত পশুধনৰ ক্ষতি হোৱাৰ পিচতেই আজি পুৱা ঘটনাস্থলীত উপস্থিত হৈ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন কৰ্মীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালক বিধিগত ভাৱে আৰু চৰকাৰী নিৰ্দেশনাৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহন কৰে ৷ ইয়াৰ পিচতেই এই ঘটনাক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি ভোট লাভৰ কৌশলেৰে সাধাৰণ মানুহক বিপথে পৰিচালিত কৰি একাংশ নেতাই প্ৰতিবাদ কৰিবলৈ বাধ্য কৰায় বুলি জনাইছে স্থানীয় লোকে ৷ সচেতন লোকৰ মতে বাঘৰ ভোটাধিকাৰ যিহেতু অকল্পনীয় ৷ তাৰেই সুবিধা গ্ৰহন কৰি এনেদৰে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বাবে ৰাজ্যৰ জৈৱতন্ত্ৰৰ আৰু বন্যপ্ৰাণী বিপদাগ্ৰস্ত হোৱাৰ উপৰিও ৰাজ্যত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে বুলিও জনসাধাৰণে মন্তব্য কৰিছে ৷

*********