বোকাখাতৰ বৌধ বিহাৰত পবিত্ৰ মধু পূৰ্ণিমাৰ বিশেষ অনুষ্ঠান : ভগৱান বুদ্ধলৈ মৌজোলৰ নৈবদ্য শতাধিক ভক্তৰ :

বোকাখাতৰ বৌধ বিহাৰত পবিত্ৰ মধু পূৰ্ণিমাৰ বিশেষ অনুষ্ঠান : ভগৱান বুদ্ধলৈ মৌজোলৰ নৈবদ্য শতাধিক ভক্তৰ  :
Aiidesh Photo

Aiidesh News  : 28 September 2023 :

সমগ্ৰ দেশৰ লগতে বোকাখাতৰ বালিজানত থকা বৌধ বিহাৰতো আজি গাম্ভীৰ্যতাৰে বৌধ ধৰ্মালম্বী লোকৰ ধাৰ্মিক অনুষ্ঠান পবিত্ৰ মধু পুৰ্ণিমা পালন কৰা হয় ৷ শতাধিক লোকৰ উপস্থিতিৰে বৌধ বিহাৰটোৰ মুখ্য ভান্তে শাংখদিব্য ওৰফে জেমচ থংচঙীয়াই কৰা প্ৰৰ্থনা, মন্ত্ৰোচ্চাৰণ আৰু ধাৰ্মিক উপদেশেৰে এই মধু পুৰ্ণিমা পালন কৰা হয় ৷ মৌ পূৰ্ণিমাৰ এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাবে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা,  সম্পাদক উত্তম শইকীয়া আৰু কাজিৰঙাৰ গেলেকীত থকা বৌধ অধ্যয়ন কেন্দ্ৰৰ মুখ্য সমন্বয়ক আকিয়া থাওমং উপস্থিত থাকে ৷ বালিজান বৌধ বিহাৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ বৰুৱা আৰু সম্পাদক তুষাৰ বৰুৱাৰ লগতে সমিতিৰ সদস্য সকলে মধু পুৰ্ণিমাৰ এই অনুষ্ঠানটো পৰিচালনা কৰে ৷ মধু পূৰ্ণিমাৰ বাবে বহু লোকে বালিজান বৌধ বিহাৰত থকা বৌধ দেৱৰ প্ৰতিমুৰ্তিৰ সমুখত মম আৰু ধূপ জ্বলাই ফলমুলৰ লগতে মৌ জোলো নৈৱদ্য হিচাবে আগবঢ়ায় ৷

১৯ ৬৫ চনতে প্ৰতিষ্ঠা হোৱা বোকাখাত বালিজানৰ এই বৌধ বিহাৰৰ লগত কাজিৰঙাৰ হাতীখুলিৰ পৰা গোলাঘাটৰ ৰঙাজানলৈকে প্ৰসাৰিত অঞ্চলৰ মুঠ ৪০ টা পৰিয়াল জড়িত হৈ আছে ৷ আন্ত: গাঠনিৰ উন্নয়নেৰে বালিজানৰ এই বৌধ বিহাৰক কাজিৰঙাৰ পৰ্যটকৰ বাবে এক আকৰ্ষণীয় কেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ যথেষ্ট অৱকাশ আছে ৷ ঐতিহ্য মণ্ডিত এই বৌধ বিহাৰে আজিলৈকে কোনোধৰণ চৰকাৰী সাহাৰ্য পোৱা নাই ৷ বোকাখাতক পৰ্যটন নগৰী হিচাবে গঢ়ি তুলিব পাৰিলে বালিজানৰ এই বৌধ বিহাৰ এক গুৰুত্বপূৰ্ণ পৰ্যটন থলী হৈ উঠিব ৷

********