বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উদ্য়োগত আজিৰে পৰা বোকাখাতত আৰম্ভ হৈছে গল্ডেন বেবী লিগ ফুটবল প্ৰতিযোগিতা :

Aiidesh News  : 1 April 2023  :

ভাৰতীয় ফুটবল ফেডাৰেচনৰ আহ্বান ক্ৰমে অসমৰ উঠি অহা প্ৰজন্মক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে অসমতো আৰম্ভ হৈছে গল্ডেন বেবী লিগ ফুটবল প্ৰতিয়োগিতা ৷ ৫ বছৰৰ পৰা ১২ বছৰ অনুৰ্দ্ধ খেলুৱৈয়ৰ বাবে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা ৷ এই লিগৰ ত্ৰয়োদশ স্থান হিচাবে নিৰ্বাচিত হোৱা বোকাখাততো আজিৰে পৰা আৰম্ভ হৈছে গল্ডেন বেবী লিগ ফুটবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনত বোকাখাত মহকুমাৰ মুঠ ১৯ টা দলে অংশ গ্ৰহণ কৰিছে ৷ 

আজি বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আয়োজিত গল্ডেন বেবী লিগ ফুটবলৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ উদ্বোধনী খেলত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ লগতে অসম ফুটবল সন্থাৰ উপ-সভাপতি তথা গল্ডেন বেবী লিগৰ অধ্যক্ষ শান্তনু পুজাৰীও উপস্থিত থাকি কন কন খেলুৱৈ সকলক উৎসাহিত কৰে ৷ সম্প্ৰতি অসমৰ ১২ টা স্থানৰ বিভিন্ন খেলপথাৰত গল্ডেন বেবী লিগ অনুষ্ঠিত হৈ আছে ৷ বোকাখাত গল্ডেন বেবী লিগৰ ত্ৰয়োদশ স্থান হিচাবে চিহ্নিত হৈছে ৷ আজি বোকাখাতৰ গল্ডেন বেবী লিগ ফুটবলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বোকাখাত জিলা ক্ৰীড়া সন্থাই গল্ডেন বেবী লিগ অনুষ্ঠিত কৰাৰ বাবে শান্তনু পুজাৰীয়ে স্থানীয় বিধায়ক মন্ত্ৰী অতুল বৰাৰ লগতে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে ৷

********