দিল্লীত কভিড ১৯ ৰ চিকিৎসা কৰি সুস্থ হৈ ওভটি অহা বোকাখাতৰ বন্তি শইকীয়াৰ শৰীৰত পুনৰ কভিড ১৯ ৰ সংক্ৰমণ : বোকাখাতত নতুন কন্টেনমেন্ট জ'ন :

দিল্লীত কভিড ১৯ ৰ চিকিৎসা কৰি সুস্থ হৈ ওভটি অহা বোকাখাতৰ বন্তি শইকীয়াৰ শৰীৰত পুনৰ কভিড ১৯ ৰ সংক্ৰমণ  : বোকাখাতত নতুন কন্টেনমেন্ট জ'ন :

দিল্লীত কভিড ১৯ ৰ চিকিৎসা কৰি সুস্থ হৈ ওভটি অহা বোকাখাতৰ বন্তি শইকীয়াৰ শৰীৰত পুনৰ কভিড ১৯ ৰ সংক্ৰমণ  : বোকাখাতত নতুন কন্টেনমেন্ট জ'ন : 
AIIDESH NEWS. 27 May :


বোকাখাত নগৰৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা ১০১ জন লোকৰ মাজৰ ৩১ জনৰ লোকৰ দেহত কভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে ৷ ইয়াৰে ২৯ জন মহাবিদ্যালয় খনৰ  ছাত্ৰ নিৱাসৰ কেন্দ্ৰত থকা আৰু ২ জন লোক ছাত্ৰী নিৱাসৰ কোৱাৰেন্টাইন কেন্দ্ৰত  থকা লোক ৷ লগতে দিল্লীত পত্নীৰ চিকিৎসাৰ বাবে গৈ কভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা বোকাখাতৰ অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়াৰ শৰীৰতো পুনৰ কভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে ৷ দিল্লীত কভিড ১৯ ত আক্ৰান্ত হৈ দিল্লীতে চিকিৎসা কৰি কভিড ১৯ মুক্ত হৈ বোকাখাতলৈ ওভটি আহিছিল বন্তি শইকীয়া ৷ চৰকাৰী ব্যৱস্থাৰে বোকাখাতলৈ আহি  কাজিৰঙাৰ কহঁৰাৰ জোনাকী কাৰেঙত কোৱাৰেন্টাইন হৈ আছিল বন্তি শইকীয়া । বোকাখাতৰ কেন্দ্ৰত কৰা স্বোৱাপ টেষ্টি বন্তি শইকীয়াৰ শৰীৰত পুনৰ কভিড ১৯ ৰ উপস্থিতি থৰা পৰিছে ৷ বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কোৰেন্টাইন কেন্দ্ৰৰ কভিড ১৯ আক্ৰান্ত ৩০ গৰাকী লোকৰ লগতে বন্তি শইকীয়াকো কভিড ১৯ ৰ চিকিৎসাৰ বাবে আজি গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷ দেহত কোনো লক্ষণ নেদেখুৱাকৈয়ে কৰ্কট ৰোগী বন্তি শইকীয়া পুনৰ কভিড ১৯ ত আক্ৰান্ত হোৱাতো বিশেষ মন কৰিবলগীয়া ৷ ইফালে বোকাখাতৰ এগৰাকী বাছৰ চালকৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰাৰ পাচত বোকাখাতৰ জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷  চালক গৰাকীয়ে ১৮ মে'ত বোকাখাতৰ পৰা বিহাৰলৈ একাংশ শ্ৰমিকক লৈ গৈছিল । ২০ মে'ৰ দিনা ওভটি অহা চালকজনে গুৱাহাটীৰ আই এচ বি টিৰ ওচৰত নিশা কটাই ২৩ মে'ৰ দিনা বোকাখাত পায়হি । বোকাখাতৰ ৪নং ৱাৰ্ডৰ ভাড়া ঘৰত সোমাই থকা অৱস্থাত  চালক জনক কৰায়ত্ব কৰি বোকাখাতৰ প্ৰশাসনে তেওঁ কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে কহঁৰাত স্বাস্থ্য পৰীক্ষাৰ সময়ত পলায় অহা শইকীয়া উপাধিৰ চালক জনে জন ট্ৰেভেলচ নামৰ ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছেৰে আহি বোকাখাতত নামিছিল । বোকাখাত নগৰৰ ৪ নং ৱাৰ্ডৰ ৰূপালীম পথত তেওঁ থকা ভাড়াঘৰ আৰু সমুহ প্ৰতিবেশীক সম্প্ৰতি কন্টেনমেন্ট কৰিছে বোকাখাতৰ মহকুমা প্ৰশাসনে ৷ চালক জনৰ ভ্ৰমন তথ্যও সংগ্ৰহ কৰিছে মহকুমা প্ৰশাসনে ৷