বোকাখাত সমষ্টিৰ কাজিৰঙাত স্থাপন হ'ব চি বি এচ চি বিদ্যালয় : বোকাখাতত অতুল বৰাৰ ঘোষণা : বোকাখাতৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ বিদ্যালয় নিৰ্মানৰ শুভাৰম্ভ :

Aiidesh Photo

Aiidesh News  :  2nd December  :

বোকাখাতৰ বহিখোৱাত অৱস্থিত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ভৱন নিৰ্মানৰ কাম ১ ডিচেম্বৰৰ দিনা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হয় ৷ বিদ্যালয় প্ৰাংগনত আয়োজিত এক বিশেষ মাংগলিক অনুষ্ঠানত ভুমি পূজনেৰে ভৱন নিৰ্মানৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ৷ অনুষ্ঠানত বোকাখাত মহকুমাৰ মহকুমাধিপতি  ডা৹নেহা যাদব, বিবেকানন্দ কেন্দ্ৰৰ শিক্ষা প্ৰচাৰ সচিব শোভা ৰাণী শৰ্মা, বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া   শৌভিক দত্ত, বি জে পিৰ গোলাঘাট জিলাৰ সভাপতি দেৱ প্ৰদীপ বৰা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অৱসৰ প্ৰাপ্ত জেষ্ঠ বিষয়া উৎপল দলে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷

অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে শোভা ৰাণী শৰ্মাৰ উপৰিও বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ অচিন্ত গোস্বামীয়ে বিবেকানন্দ কেন্দ্ৰ কাৰ্যাৱলীৰ লগতে বোকাখাতৰ বিদ্যালয়ৰ বাবে ১১ কোটি টকাৰ আঁচনি প্ৰস্তুত কৰা বুলি অৱগত কৰে ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই বিবেকানন্দ কেন্দ্ৰক বোকাখাতত বিদ্যালয় নিৰ্মান কৰাৰ বাবে প্ৰশংসা কৰে ৷ অসম চৰকাৰে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে চি বি এচ চিৰ পৰিচালিত বিদ্যালয় নিৰ্মানৰ পৰিকল্পনা কৰাৰ কথা ঘোষণা কৰি বোকাখাত সমষ্টিৰ বিদ্যালয় খন কাজিৰঙাত স্থাপন কৰা বুলি ঘোষণা কৰে ৷ অনুষ্ঠানত বিদ্যালয়খনৰ সমুহ শিক্ষক শিক্ষয়ত্ৰীয়ে সমবেত সংগীত পৰিৱশন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীয়ে গীত মাতো পৰিৱেশন কৰে ৷