বানপানী সমাগত : কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত ১৪৪ ধাৰা জাৰি বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ :

বানপানী সমাগত :  কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত ১৪৪ ধাৰা জাৰি বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ :
Photo : Uttam Saikia

বানপানী সমাগত :  কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত ১৪৪ ধাৰা জাৰি বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ : 


AIIDESH NEWS. 26 May : 


বিগত দুটা দিনত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ  ৷ যাৰবাবে অচিৰেই প্লাৱিত হ'ব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কাজিৰঙাত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ প্ৰৱেশ হলেই দক্ষিনৰ কাৰ্বি পাহাৰলৈ আশ্ৰয় বিচাৰি আৰম্ভ হ'ব বন্যপ্ৰাণীৰ প্ৰৱজন ৷ এনে পটভূমিত কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে কজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে ৷ এই ধাৰা অনুসৰি এই পথাংশত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহনৰ গতিবেগ ঘন্টাত ৪০ কিলোমিটাৰ কৰাৰ উপৰিও জনসমাগম আৰু চোকা অস্ত্ৰলৈ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বিচৰণ নিষিদ্ধ কৰাৰ লগতে এই পথাংশত থকা পথৰ কাষত থকা ধাবা বোৰত গধুৰ বাহন ৰখাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৱ দিশৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই আজি বিয়লি বিপদসীমা স্পৰ্শ কৰিছে ৷ জলপৃষ্ঠ বাঢ়ি থাকিলে অহা দুটা দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছৰৰ প্ৰথমতো বানৰ বাঢ়নি পানী সোমোৱাৰ সম্ভাৱনা আছে ৷