বিপদত ৰাজ্যৰ ১২ লক্ষাধিক শিপিনী

বিপদত ৰাজ্যৰ ১২ লক্ষাধিক শিপিনী
১২ লক্ষাধিক শিপিনী

এইবাৰ ৰঙালী ৰিং বিহীন ভাবেই পাৰ হৈ গ’ল, একেদৰে শিপিনীসকলেও নাপালে কষ্টৰ মূল্য।
দেশত  এতিয়া চলি আছে ল’ক ডাউন ৷ ল’ক ডাউনৰ বাবে ব’হাগ বিহুৰ সময়ত শিপিনীয়ে নাপালে উপযুক্ত বজাৰ ৷ বজাৰৰ অভাৱত বিক্ৰী কৰিব নোৱাৰিলে গামোচা ৷ চৰকাৰী এক তথ্য  অনুসৰি বিহুৰ সময়ত ৰাজ্যত প্ৰতিবছৰে উৎপাদন হয় প্ৰায় ১৫ লক্ষাধিক গামোচা ৷ পিছে, দুৰ্ভাগ্যজনকভাবে এইবাৰ গামোচা পৰি ৰৈছে গোদামতে।এতিয়া প্ৰশ্ন উঠিছে, এই শিপিনীসকলে লাভ কৰিবনে উচিত মূল্য? ল’ক ডাউনৰ পিছত চৰকাৰে এইসকলক সহায়ৰ বাবে কি পদক্ষেপ হাতত লয় সেয়া হ’ব লক্ষণীয়।