পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত ইমজাৰ সহযোগত বোকাখাতৰ নিকৰিঘাটত বিশ্ব পশু চিকিৎসা দিৱস পালন :

পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত ইমজাৰ সহযোগত বোকাখাতৰ নিকৰিঘাটত বিশ্ব পশু চিকিৎসা দিৱস পালন  :
Aiidesh Photo

Aiidesh News  : 29 April 2023  :

গোলাঘাট জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আজি বোকাখাত মহকুমাৰ নিকৰিঘাটত বিশ্ব পশু চিকিৎসা দিৱস উদযাপন কৰা হয় ৷ নিকৰিঘাটত তিনি আলিত এই উপলক্ষে বিশেষ সজাগতা সভা, পশুধনৰ স্বাস্থ্য পৰীক্ষা শিৱিৰ আৰু প্ৰায় তিনিশতাধিক পশুধনক লাম্পি চৰ্মৰোগৰ প্ৰতিষেধক বিনামুলীয়াকৈ প্ৰদান কৰা হয় ৷ আজি পুৱাৰে পৰা আয়োজিত এই অনুষ্ঠানত পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উজনি অসমৰ যুটীয়া সঞ্চালক ডা৹ দিপক দৰৱধৰা, বোকাখাতৰ মহকুমা পশু চিকিৎসা বিষয়া ডা৹ দেৱব্ৰত ফুকন, বোকাখাত খণ্ড পশু চিকিৎসা কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ জ্যোতিমালিতা ৰয় , কুৰুৱাবাহী গাওঁ পঞ্চায়তৰ সভাপতি ৰূপা বৰা, নিকৰিঘাটৰ জেষ্ঠ ব্যক্তি তিলক কুটুম, ভিৰভেক ঔষধ প্ৰতিষ্ঠানৰ প্ৰৱন্ধক ডা৹ ৰবীন নাথ, ইক্সেলাৰ নামৰ প্ৰতিষ্ঠানৰ প্ৰৱন্ধক দিগন্ত বৰঠাকুৰ, ভেট মেন কাইণ্ডৰ অশ্বিনী শৰ্মা আৰু স্থানীয় পশুসখী কাকলি কলিতাৰ লগতে স্থানীয় গোপালক সকল উপস্থিত থাকে ৷ 

নিকৰিঘাটত অনুষ্ঠিত আজি বিশ্ব পশু চিকিৎসা দিৱসৰ অনুষ্ঠানলৈ বোকাখাতৰ কাজিৰঙা নিউজ নেটৱৰ্ক, ইলেকট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচন চমুকৈ ইমজা ঔষধ প্ৰতিষ্ঠান ভেট মেন কাইণ্ড, ভিৰবেক, ইক্সেলৰ, হিমালয়া আৰু ইনটাচে বিশেষ সহযোগিতা আগবঢ়ায় ৷ ইমজাৰ মুখ্য উপদেষ্টা উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত ইমজাৰ ভাৰপ্ৰাপ্ত সম্পাদক সাংবাদিক দিব্যজ্যোতি হাজৰিকাই উদেশ্য ব্যাখ্যা কৰে ৷

অনুষ্ঠানৰ পুৱাতেই বোকাখাতৰ পশু চিকিৎসা ক্ষেত্ৰ সহায়ক বিদ্যালয়ৰ পৰা যোৱা ৩০ গৰাকী ক্ষেত্ৰ সহায়কে বিশ্ব পশু চিকিৎসা দিসৱৰ লগত সংগতি ৰাখি নিকৰিঘাট অঞ্চলত প্ৰায় তিনি শতাধিক পশু ধনক লাম্পি চৰ্মৰোগৰ প্ৰষেধক চিটা প্ৰদান কৰাৰ উপৰিও সহযোগি ঔষধ প্ৰতিষ্ঠা সমুহৰ উদ্যোগত বিনীমুলীয়া ঔষধো বিতৰণ কৰে ৷

*******