বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ 'আসাম প্রেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়নৰ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ন সোঁৱৰনি সাংবাদিকতাৰ বঁটা: আপকুৰ গহপুৰ অধিবেশনত প্ৰদান কৰিব এই বঁটা :

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ 'আসাম প্রেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়নৰ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ন সোঁৱৰনি সাংবাদিকতাৰ বঁটা:  আপকুৰ গহপুৰ  অধিবেশনত প্ৰদান কৰিব এই বঁটা  :
Aiidesh Photo

Aiidesh News : 4 December 2023 :

অসমৰ সংবাদ ক্ষেত্ৰখনত মফচলীয়া সাংবাদিক তথা সংবাদকর্মীসকলৰ সুৰক্ষাৰ লগতে সংবাদ মাধ্যমৰ মৰ্যাদা অটুট ৰখাৰ স্বাৰ্থত ১৯৯৩ চনৰ ৩০ এপ্ৰিলত প্রতিষ্ঠা লাভ কৰে চৰকাৰী পঞ্জীভুক্ত সাংবাদিক সংগঠন 'আসাম প্রেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন' চমুকৈ 'আপকু'য়ে । আসাম প্ৰেছ কৰেছপন্ডেন্টছ ইউনিয়ন য়ে বিগত বৰ্ষবোৰত প্ৰদান কৰি অহা "ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ন সোঁৱৰনি সাংবাদিকতাৰ বঁটা ২০২৩ চনৰ বাবে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাক নিৰ্বাচন কৰিছে ৷ অহা ১০ ডিচেম্বৰত গহপুৰ মহকুমা সমিতিৰ আতিথ্যত গহপুৰত অনুষ্ঠিত হ'ব লগা আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়নৰ ষষ্ঠদশ কেন্দ্রীয় মধ্যকালীন অধিৱেশনৰ মুকলি সভাত সাংবাদিক ভৱানন্দ কলিতাক আপকুয়ে এই বঁটা প্ৰদান কৰিব বুলি আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বপন কুমাৰ ৰাভা, কার্যকৰী সভাপতি মৌচম জ্যোতি বৈশ্য আৰু প্রধান সম্পাদক শৰৎ শেনছোৱাই জনাইছে ।

বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ এই বঁটা আগবঢ়োৱাৰ বাবে বোকাখাত প্ৰেছ ক্লাবৰ তৰফৰ পৰা আপকুলৈ ধন্যাবাদ প্ৰদান কৰাৰ লগতে ভৱানন্দ কলিতাকো অভিনন্দন জ্ঞাপন কৰে ৷ বোকাখাতৰ জেষ্ঠ সাংবাদিক গৰাকীয় নবৈ দশকৰ পৰাই অসমৰ বিভিন্ন বাতৰি কাকতৰ সংবাদ পৰিবেশন কৰি অহাৰ লগতে সম্প্ৰতি দৈনিক অগ্ৰদূত আৰু পৰ্টেল নিউজ আচাম টুডেত বোকাখাতৰ পৰা সংবাদ পৰিবেশন কৰি আহিছে ৷ ভৱানন্দ কলিতা বোকাখাতৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰি বিভিন্ন আলোচনী আৰু সামাজিক মাধ্যমৰ এজন নিয়মিত লেখকো ৷

******