সন্তোষ ট্ৰফীৰ অসমৰ চিনিয়ৰ দলৰ গ'ল ৰক্ষকৰ প্ৰশিক্ষক হিচাবে নিৰ্বাচিত বোকাখাতৰ লোচন শইকীয়া :

সন্তোষ ট্ৰফীৰ অসমৰ চিনিয়ৰ দলৰ গ'ল ৰক্ষকৰ প্ৰশিক্ষক হিচাবে নিৰ্বাচিত  বোকাখাতৰ লোচন শইকীয়া :

সন্তোষ ট্ৰফীৰ অসমৰ চিনিয়ৰ দলৰ গ'ল ৰক্ষকৰ প্ৰশিক্ষক হিচাবে নিৰ্বাচিত  বোকাখাতৰ লোচন শইকীয়া : 


Aiidesh News : 22 November  : 


সন্তোষ ট্ৰফীৰ অসমৰ চিনিয়ৰ ফুটবল দলৰ গলৰক্ষকৰ প্ৰশিক্ষকৰ দৰে  গধুৰ দায়িত্ব লাভ কৰিছে বোকাখাতৰ প্ৰাক্তন কৃতি ফুটবল খেলুৱৈ লোচন শইকীয়াই ৷ এনে দায়িত্ব লাভ কৰা লোচন শইকীয়াই হৈছে বোকাখাতৰ প্ৰথম খেলুৱৈ ৷


১৯৮১ চনত বোকাখাতত জন্মগ্ৰহণ কৰা লোচন শইকীয়াই বোকাখাত ষ্টেডিয়ামত  ১৯৯১ চনত ফুটবল জীৱনৰ পাতনি মেলিছিল ৷ ১৯৯৯ চনত গুৱাহাটীৰ টাউন ক্লাবৰ হৈ খেলিবলৈ লোৱা লোচন শইকীয়াই পৰৱৰ্তী সময়ত অসম পুলিচত যোগদান কৰে ৷ ২০০০ বৰ্ষত মহাৰাষ্ট্ৰৰ কোলাহপূৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় স্কুল ফুটবল চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপ দখল কৰা অসম দলক প্ৰতিনিধিত্ব কৰিছিল ৷ একেদৰে ২০০৬ বৰ্ষত লোটন শইকীয়াই সন্তোষ ট্ৰফীত অসম দলক প্ৰতিনিধিত্ব কৰিছিল ৷ বি এন মল্লিক সোৱঁৰণী সৰ্বভাৰতীয় পুলিচ ফুটবল টুৰ্নামেণ্টতো অসম দলক ৪ বাৰকৈ প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল লোচন শইকীয়া ৷

বৰ্তমান এপ্ৰ' ৰ গ্ৰাচৰোট ফুটবল ক’চিংৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকা লোচন শইকীয়াই এ এফ চি ৰ ফুটবল প্ৰশিক্ষকৰ ডি লাইচেঞ্চ প্ৰাপ্ত ৷ লোচন শইকীয়াৰ এই সফলতা বোকাখাতবাসী উৎফুল্লিত হৈছে ৷ লোচন শইকীয়া বোকাখাতৰ ইন্দ্ৰেশ্বৰ শইকীয়া আৰু সাৰদা শইকীয়াৰ সুযোগ্য সন্তান ৷

*********