কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্বপ্রকৃতি নিধিৰ উদ্যোগত বোকাখাতৰ ডিফলু বাগিচাৰ ঢেকীয়াপথাৰত প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষনৰ বিশেষ সজাগতা সভা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্বপ্রকৃতি নিধিৰ উদ্যোগত বোকাখাতৰ ডিফলু বাগিচাৰ ঢেকীয়াপথাৰত প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষনৰ বিশেষ সজাগতা সভা :
aiidesh Photos

Aiidesh News : 15 May 2023 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্বপ্রকৃতি নিধিৰ উদ্যোগত দেওবাৰৰ দিনা বোকাখাতৰ ঢেকীয়া পথাৰ অঞ্চলত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ এক  বিশেষ সজাগতা সভা অনুষ্ঠিত হয় ৷ অনুষ্ঠানত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিফলু চাহ বাগিচা প্রাথমিক গোট, কাৰ্বি আংলং জিলাৰ উত্তৰ বন সংমণ্ডল, ঢেকীয়াপথাৰ গাওঁৰক্ষী বাহিনী আৰু ঢেকীয়াপথাৰ উৰিয়া বস্তি প্রথমিক বিদ্যালয়ে সহযোগিতা আগবঢ়ায় ৷ ঢেকীয়াপথাৰ উৰিয়াবন্তি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আয়োজিত এই অনুষ্ঠানত পুব অসম বন সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ,অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, বিশ্ব প্রকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ত্রিদীপ শর্মা আৰু জয়ন্ত ডেকা,ঢেকীয়াপথাৰ উৰিয়াবস্তি প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক খগেন বৰা, আটচাৰ বোকাখাত আঞ্চলিক সমিতিৰ সভাপতি চন্দন তাঁতী,সাংগঠনিক সম্পাদক সঞ্জীৱ কৰ্মকাৰৰ লগতে ছাত্ৰ সংগঠনটোৰ ডিফলু চাহ বাগিচা প্রাথমিক গোটৰ সভাপতি সম্পাদক , ঢেঁকীয়া পথাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদক, গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ কেন্দ্ৰ সমন্বয়ক ৰোহিনী চুতীয়া, স্থানীয় গাওঁ বাসী আৰু ছাত্ৰ ছাত্ৰীৰ লগতে বোকাখাত বনাঞ্চল আৰু উত্তৰ কাৰ্বি আংলং বনসংমণ্ডলৰ বনকৰ্মী সকলো উপস্থিত থাকে ৷

বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত উপস্থিত সকলোয়ে বন বিভাগৰ মিচন লাইফ অভিযানৰ অধীনত বন, বন্যপ্ৰাণী আৰু পৰিবেশ সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰে শপত বাক্য পাঠ কৰে ৷ অনুষ্ঠানত ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে বন্যপ্ৰাণী সংৰক্ষনৰ লগতে পৰিৱেশ অনুকূলে নিজৰ আচৰণৰ পৰিবৰ্তনৰ বাবে সকলোকে আহ্বান জনায় ৷ ঢেকীয়াপথাৰ উৰিয়া বস্তি প্ৰাথমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী চানিয়া আৰু দিয়াশ্ৰী উৰিয়াই অনুষ্ঠানৰ মাজতে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷ অনুষ্ঠানত উত্তম শইকীয়াই সচিত্ৰ উপস্থাপনেৰে বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে বিস্তৃত আলোচনা আগবঢ়ায় ৷

*************