কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যত বগা শৰ পহুৰ : জীৱবিজ্ঞানীৰ দ্বাৰা ফটো সংগ্ৰহ :

কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যত বগা শৰ পহুৰ :  জীৱবিজ্ঞানীৰ দ্বাৰা ফটো সংগ্ৰহ  :
Times of India

কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যত বগা শৰ পহুৰ :  জীৱবিজ্ঞানীৰ দ্বাৰা ফটো সংগ্ৰহ  :

Aiidesh News  :  7 September  2023  :

এজন বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু সংৰক্ষণবিদ ড০ সঞ্জয় গুবি আৰু তেওঁৰ দলে প্ৰথম বাৰৰ বাবে ৬ চেপ্তেম্বৰৰ দিনা  কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যৰ সঙ্গমা বনাঞ্চলত এজনী বগা বৰণৰ শৰ পহু বা চাম্বৰ হৰিণ ( Rusa unicolor)  কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে ৷ অভয়াৰণ্যখনত নাহৰফুটুকী বাঘৰ ওপৰত অধ্যয়ন কৰি থকা ড০ সঞ্জয় গুবি আৰু তেওঁৰ দলে এই বিৰল ফটো লাভ কৰে ৷

বগা বৰণৰ শৰ পহু বা লিউচিষ্টিক চাম্বৰ হৰিণৰ কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যত এইয়া প্ৰথম ফটোগ্ৰাফিক তথ্য বুলি জানিব পৰা গৈছে । অৱশ্যে, ইয়াৰ আগতে ২০১৪ চনত বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত বগা বৰণৰ এটা শৰ পহুৰ তথ্য পোৱা গৈছিল ৷ এই মাইকী শৰপহুজনীক আন এজনী মাইকী পহুৰ সৈতে ড০ সঞ্জয় গুবি আৰু তেওঁৰ দলে প্ৰত্যক্ষ কৰি ফটো তুলিবলৈ সক্ষম হৈছিল ৷ 

এইয়া শৰ পহুৰ কোনো নতুন প্ৰজাতি নহয় ৷ সচৰাচৰ এক প্ৰকৃতিক পৰিঘটনা লিউচিজমৰ ফলতেই কিছুমান প্ৰানীৰ গাৰ বৰণ বগা বা শেঁতা হয় ৷ এই লিউচিজম হৈছে প্ৰাণীৰ ছালত ৰঞ্জকৰ অভাৱৰ উদ্ভৱ হোৱা এক পৰিস্থিতি ৷ যাৰ ফলত প্ৰাণীৰ ছালৰ বৰণ শেঁতা হোৱা দেখা যায় । উল্লেখ্য যে বিগত সময়ত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বগা বৰণৰ খটীয়া পহুৰ উপৰিও শেঁতা পৰা সোনোৱালী বৰণৰ ঢেকীয়াপচীয়া বাঘো  দেখা গৈছিল ৷

কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্য প্ৰকৃতিৰ অপুৰ্ব সৃষ্টি । কৰ্ণাটকৰ মৌ বেডজাৰৰ দৰে প্ৰাণীৰো প্ৰথম ফটোগ্ৰাফিক ৰেকৰ্ড কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যতেই পোৱা গৈছিল ৷ ভাৰতত ধোৱা বৰণীয়া কুকুৰনেজীয়া বাঘৰ বিচৰণৰ  দক্ষিণতম সীমাও এই কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰাই পোৱা গৈছিল ৷ উল্লেখ্য যে ২০২২ চনত ড০ সঞ্জয় গুবি আৰু তেওঁৰ দলে কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যতেই কেমেৰা ট্ৰেপৰ সহায়ত এটা এটা বগা বৰণৰ ধোল বা ৰাংকুকুৰৰো ফটো লাভ কৰিছিল ৷ 

*******