হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীর্ণ হোৱা বোকাখাতৰ চুতীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা :

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীর্ণ হোৱা বোকাখাতৰ চুতীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা :
Aiidesh Photo

Aiidesh News  :  15 July 2023  :

বোকাখাত মহকুমা চুতীয়া ছাত্র সন্থাৰ উদ্যোগত তথা বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত জিলা চুতীয়া মহিলা সন্মিলনৰ সহযোগত জনগোষ্ঠীটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীর্ণ হোৱা বোকাখাতৰ চুতীয়া জনগোষ্ঠীৰ ৬২ গৰাকী মেধাবী ছাত্র ছাত্ৰীক ১৫ জুলাইত বোকাখাতত সম্বৰ্দ্ধনা জনোৱা হয় ।

এই উপলক্ষে বোকাখাতৰ সাধনী ভৱনত প্ৰতাপ চন্দ্র বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আৰু বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক লাচিত কাকতিয়ে আঁত ধৰা অনুষ্ঠান আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে চুতীয়া জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি পাপু শইকীয়াই ৷ 

সম্বৰ্ধনা অনুষ্ঠানত জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত শইকীয়া, অধ্যাপিকা শান্তিছায়া বৰুৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সূৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, গোলাঘাট জিলা পৰিষদৰ উপ সভাপতি ৰশ্মি কাকতি, বোকাখাত টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জিতেন শইকীয়া, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়া, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা ,কৰ্মচাৰী সন্থাৰ অসীম বৰা, ,অবসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বোধেশ্বৰী বৰা, গোলাঘট জিলা চুতীয়া ছাত্র সন্থাৰ পাপু শইকীয়া, গোৰ্খা ছাত্র সন্থাৰ ৰুদ্ৰ ছেত্ৰী আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । অনুষ্ঠানত চুতীয়া জনগোষ্ঠীৰ কৃৰ্তিমান ছাত্ৰ ছাত্ৰী সকলক ফুলাম গামোছা আৰু মানপত্ৰৰে সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰা হয় ৷

********