বোকাখাতত কৃষি বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক সজাগতা সভা :

বোকাখাতত কৃষি বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক সজাগতা সভা :
Aiidesh Photo
বোকাখাতত কৃষি বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক সজাগতা সভা :

বোকাখাতত কৃষি বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক সজাগতা সভা :

আমাৰ অসম'ৰ বোকাখাতৰ প্ৰতিবেদক :  ৬ জুন :

আন্তৰ্জাতিক মিলেট বৰ্ষৰ লগত সংগতি  ৰাখি আজি গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত বোকাখাত টাউন বেংগলী প্ৰাথমিক বিদ্যালয়ত 'অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক এখন সজাগতা সভাৰ আয়োজন কৰা হয় । বোকাখাত টাউন বেংগলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ১০০ গৰাকী শিক্ষার্থীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা, অংগনাদী কৰ্মী সকলেও উক্ত সভাত অংশগ্ৰহণ কৰে । সভাখনত গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ ন'ডেল অফিচাৰ শান্তনু দত্তই আদৰণী ভাষণ প্ৰদান কৰে । সভাত তেওঁ মিলেটৰ প্ৰকাৰ আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে ছাত্র-ছাত্ৰীক অৱগত কৰি সজাগতা অনাৰ চেষ্টা কৰে । সজাগতা সভাখনত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে  খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ মৃদুস্মিতা বৰঠাকুৰে । তেওঁ  মিলেটৰ গুণাগুণ, পানীৰ প্ৰয়োজন, পুষ্টি, বহনশীল ভবিষ্যত, জলবায়ু অনুকূল কৃষি হিচাপে মিলেট আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই । 

অনুষ্ঠানত বোকাখাত কৃষি কাৰ্যালয়ৰ মহকুমা কৃষি বিষয়া (এগ্ৰ) বসন্ত বৰমুদৈ, কৃষি উন্নয়ন বিষয়া বৈচিত্ৰ্য হকচামকে ধৰি বোকাখাত মহকুমা কৃষি কাৰ্যালয়ৰ বহুকেইজন কৰ্মচাৰী উপস্থিত থাকে । আজিৰ সজাগতা সভাৰ শেষত সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগক গোলাঘাট  জিলা কৃষি বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয় ।

*********