মুঠ ১,৫৭,২৪৭ জন ভোটাৰে বোকাখাত নিৰ্বাচনী জিলাত আগন্তুক লোকসভা নিৰ্বাচনত ১৮৭ টা ভোট গ্ৰহন কেন্দ্ৰত ভোটদানৰ সুবিধা পাব :

মুঠ ১,৫৭,২৪৭ জন ভোটাৰে বোকাখাত নিৰ্বাচনী জিলাত আগন্তুক লোকসভা নিৰ্বাচনত ১৮৭ টা ভোট গ্ৰহন কেন্দ্ৰত ভোটদানৰ সুবিধা পাব  :
Aiidesh Photo

Aiidesh News  : 18 March - 2024 :  

বোকাখাতৰ নিৰ্বাচনী বিষয়াই আজি প্ৰকাশ কৰা এক বিবৃত্তি মতে যোৱা ফেব্ৰুৱাৰী মাহত প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকা মতে বোকাখাত নিৰ্বাচনী জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ১,৫৭,২৪৭ জন । ইয়াৰে ভিতৰত ৭৭,৪৫২ পুৰুষ হোৱাৰ বিপৰীতে ৭৯,৭৯৩ গৰাকী মহিলা ভোটাৰ তথা ২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । সমাগত লোক সভা নিৰ্বাচনত বোকাখাত নিৰ্বাচনী জিলাত মুঠ ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও বিবৃত্তিটোত প্ৰকাশ । বিবৃত্তিটোৰ মতে বোকাখাত নিৰ্বাচনী জিলাৰ নামদৈয়াং এল.পি.স্কুল  (বাওঁফাল) আৰু বোকাখাত গার্লস হাই স্কুল এই দুটা ভোট গ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে স্থাপন কৰা হ'ব ৷ আনহাতে নামদৈয়াং এল.পি.স্কুল (সোঁফাল), মুঙ্গীলাল কৃষ্ণাদেৱী এল.পি.স্কুল (সোঁফাল), মুঙ্গীলাল কৃষ্ণাদেৱী এল.পি.স্কুল (বাওঁফাল), বোকাখাত হিন্দী হাইস্কুল (সোঁফাল), বোকাখাত হিন্দী হাইস্কুল (বাওঁফাল), বোকাখাত টাউন এল.পি.স্কুল, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, বোকাখাত টাউন হাইস্কুল, অশোক হাজৰিকা এম.ই. স্কুল (বাওঁফাল) আৰু অশোক হাজৰিকা এম.ই. স্কুল (সোঁফাল) এই ১০টা ভোট গ্ৰহণ কেন্দ্ৰ মহিলা বিষয়া - কৰ্মচাৰীয়ে নিৰ্বাচন পৰিচালনা কৰিব । 

নিৰ্বাচনী বিষয়াই দিয়া তথ্য মতে বোকাখাতত ৮০ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকৰ ভোটাৰৰ সংখ্যা ১,৩৭১গৰাকী আৰু বিশেষ ভাৱে সক্ষম ভোটাৰৰ সংখ্যা ১,৭৬৫ গৰাকী । বোকাখাত নিৰ্বাচনী জিলাত সমাগত লোক সভা নিৰ্বাচন নিকা, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি সকলো যাবতীয় প্ৰস্তুতি সম্পন্ন কৰিছে প্ৰশাসনে । এই উপলক্ষে মহকুমাধিপতি কাৰ্যালয়ত ৰাইজৰ বাবে সুবিধা হোৱাকৈ দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এই হেল্পলাইন নম্বৰ দুটা হৈছে ০৩৭৭৬-১৯৫০ আৰু ৭৮৯৬৭০৯৪৯১, ৰাইজে নিৰ্বাচন সংক্ৰান্তীয় যিকোনো ধৰণৰ অভাৱ- অভিযোগ দিবলৈ এই নম্বৰ দুটাত যোগাযোগ কৰিব পাৰিব । উল্লেখ থাকে যে ফেব্ৰুৱাৰী মাহত প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকা মতে বোকাখাত নিৰ্বাচন জিলখনত মুঠ ভোটাৰৰ সংখ্যা ১৫৭২৪৭ যদিও ভোটাৰ তালিকাত অনলাইনযোগে নাম অন্তৰ্ভুক্ত কৰিবলৈ ইতিমধ্যে কিছু লোকে আবেদন কৰাৰ পৰিপ্ৰেক্ষিতত মুঠ ভোটাৰৰ  সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও নিৰ্বাচনী বিষয়াই জনীইছে ।

*******