তৰুণ গগৈৰ জন্মজয়ন্তী উপলক্ষে বোকাখাতত কংগ্ৰেছৰ ইয়ং বিগ্ৰডৰ সামগ্ৰী বিতৰণ:

তৰুণ গগৈৰ জন্মজয়ন্তী উপলক্ষে বোকাখাতত কংগ্ৰেছৰ ইয়ং বিগ্ৰডৰ সামগ্ৰী বিতৰণ:
Aiidesh Photo

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মজয়ন্তী উপলক্ষে বোকাখাতত কংগ্ৰেছৰ ইয়ং বিগ্ৰেডৰ সামগ্ৰী বিতৰণ :  

Aiidesh News :  13th October  :

প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰয়াত জননেতা তৰুণ গগৈৰ জন্মদিন উপলক্ষে ১১ অক্টোবৰত অসম প্ৰদেশ ইয়ং বিগ্ৰেডৰ উদ্যোগত , বোকাখাত টাউন ইয়ং বিগ্ৰেড আৰু বোকাখাত গ্ৰাম্য ব্লক কংগ্ৰেছৰ সহযোগত বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰ আৰু বোকাখাত অনাথ আশ্ৰমৰ ছাত্ৰছাত্ৰী সকলৰ মাজত  বিভিন্ন শৈক্ষিক আৰু ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে । 

এই উপলক্ষে উজনি অসম বিকলাংগ কেন্দ্ৰত  আয়োজিত  অনুষ্ঠানত  বন্তি প্ৰজ্বলন কৰে অসম প্ৰদেশ ইয়ং বিগ্ৰেডৰ  কাৰ্য্যকৰী সভাপতি জিতু শইকীয়াই । অনুষ্ঠানত বিকলাংগ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ মেডিয়া চেলৰ উপ সভাপতি  প্ৰণীত বৰুৱা, অসম প্ৰদেশ ইয়ং বিগ্ৰেডৰ সাধাৰণ সম্পাদক জাফৰ আলি বৰা, বোকাখাত টাউন ব্লক ইয়ং বিগ্ৰেডৰ সভাপতি ম: খুৰচিড আলম, বোকাখাত গ্ৰাম্য ব্লক ইয়ং বিগ্ৰেডৰ সভাপতি ৰাজা ঢেকিয়ালফুকন, সম্পাদক উত্তম নেওগ, ঋতুৰাজ লইং,  ৰাজ পাথৰীকে  আদি কৰি বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকি বিশেষ ভাৱে সক্ষম ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাধু কিতাপ খেলৰ সামগ্ৰী আদি বিতৰন কৰে । 

আনহাতে বোকাখাত অনাথ আশ্ৰম  আয়োজিত অনুষ্ঠানত বোকাখাত বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক  জিতেন গগৈ  উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে । এই অনুষ্ঠানতো ছাত্ৰ ছাত্ৰী সকলৰ মাজত  বহী, কলম, কাঠ পেঞ্চিল, সাধু কিতাপকে আদি কৰি বিভিন্ন শৈক্ষিক সামগ্ৰীৰ লগতে ফুটবল, ভলীবল, স্কীপিং, ডবা,লুডু আদি বিভিন্ন ক্ৰীড়া সামগ্ৰীও প্ৰদান কৰে ৷ উল্লেখ্য যে বোকাখাতৰ যুৱনেতা তথা ইয়ং বিগ্ৰেডৰ কাৰ্য্যকৰী সভাপতি  জিতু শইকীয়াই বোকাখাতত ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে । 

*******