অসম লোকসেয় আয়োগৰ সদ্য ঘোষিত ফলাফলত উজ্বলিল বোকাখাত আৰু কাজিৰঙা :

অসম লোকসেয় আয়োগৰ সদ্য ঘোষিত ফলাফলত উজ্বলিল বোকাখাত আৰু কাজিৰঙা  :
Aiidesh Photo

Aiidesh News  : 17 January  2024 :  

বোকাখাত নগৰৰ ৩ নং ৱাৰ্ডৰ নিৱাসী  চাজাদ আহমেদ আৰু চেহনাজ বেগমৰ একমাত্ৰ পুত্ৰ আল ইয়ামান ফিৰডোচ আহমেদে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্তীণহৈ ৮১ সংখ্যক স্থান দখল কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে ইয়ামান ফিৰডোচ আহমেদে অলপতে অসম চৰকাৰৰ লোক নিৰ্মান বিভাগতো সহকাৰী অভিযন্তা হিচাবে নিযুক্তি লাভ কৰিছিল ৷

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত সৰুপথাৰৰ যুৱক সুৰজ দুৱৰাও সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ২৬৫ স্থানেৰে উৰ্তীণ হৈ ৰাষ্টীয় উদ্যানলৈও গৌৰৱ কঢ়িয়াই আনিছে ৷ সুৰজ দুৱৰা গোলাঘাট জিলাৰ সৰুপথাৰৰ প্ৰয়াত ডিম্বেশ্বৰ দুৱৰা আৰু মনো দেবীৰ সুযোগ্য সন্তান ৷ দুয়ো গৰাকীলৈকে এইদেশ নিউজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ৷

উল্লখ্য যে অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক  পৰীক্ষাত মুঠ ৯১৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে ৷ 

*******