বোকাখাতৰ কুৰুৱাবাহীত হত্যাকাণ্ড : নিজ বাসগৃহতে পাপৰি শইকীয়া গাংগুলীৰ মৃতদেহ উদ্ধাৰ : স্বামী পলাতক :

বোকাখাতৰ কুৰুৱাবাহীত হত্যাকাণ্ড  : নিজ বাসগৃহতে  পাপৰি শইকীয়া গাংগুলীৰ মৃতদেহ উদ্ধাৰ  : স্বামী পলাতক  :
Aiidesh Photo

বোকাখাতৰ কুৰুৱাবাহীত হত্যাকাণ্ড  : নিজ বাসগৃহতে  পাপৰি শইকীয়া গাংগুলীৰ মৃতদেহ উদ্ধাৰ  : স্বামী পলাতক  :

Aiidesh News : 09 September  :

বোকাখাত মহকুমাৰ কুৰুৱাবাহীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘৰ্টিত হৈছে । নিজ বাসগৃহত স্বামীয়ে পত্নীক হত্যা কৰি পলায়ন কৰাৰ অভিযোগ । কুৰুৱাবাহীৰ নিৱাসী মানস গাংগুলীয়ে যোৱা নিশা পত্নী পাপৰি শইকীয়াক গাংগুলীক নিজ বাসগৃহতে হত্যা কৰি  পলায়ন কৰাৰ অভিযোগ ৷ পাৰিবাৰিক কন্দলৰ পিচতেই নিশা এই হত্যাকাণ্ড সংঘৰ্টিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ আজি পুৱা নিজ বাসগৃহৰ ভিতৰতেই স্থানীয় লোকে উদ্ধাৰ কৰে পাপৰী শইকীয়া গাংগুলীৰ মৃতদেহ ৷ ঘটনাস্থলীত উপস্থিত হৈ বোকাখাত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ উপৰিও তদন্ত আৰম্ভ কৰিছে ৷ স্বামী মানস গাংগুলী সম্প্ৰতি পলাতৰ বুলি জানিব পৰা গৈছে ৷ পাপৰি শইকীয়া গাংগুলী বোকাখাতৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মচাৰী আছিল ৷

*******