বােকাখাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰাদাম : ৰেচন কাৰ্ডৰ চাউলকলৈ এজেন্টৰ হৰলুকি : নিয়ন্ত্ৰনত ব্যৰ্থ যোগান বিভাগ :

বােকাখাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰাদাম : ৰেচন কাৰ্ডৰ চাউলকলৈ এজেন্টৰ হৰলুকি : নিয়ন্ত্ৰনত ব্যৰ্থ যোগান বিভাগ :
বজাৰত চিৰা, বৰা আৰু চকোৱা চাউল ৮০ ৰ পৰা ১২০ টকা, গুৰৰ দাম ৮০ টকা, তিল ১৮০ পৰা ২০০ টকাত বিক্রী হৈছে

AIIDESH NEWS DESK : 13 APRIL : 


দেশৰ লগতে অসমতো চলি আছে লক ডাউন ৷ লক ডাউনৰ সময়চোৱাত কোনাে ব্যৱসায়ীয়ে যাতে বয়-বস্তুৰ দাম বৃদ্ধি কৰিব নােবাৰে তাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল ৷  কিন্ত এই নিৰ্দেশনাৰ পাচতো গৰু বিহুৰ দিনা কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ বজাৰত বয় বস্তুৰ দামে সৰ্ব সাধাৰণ লোকক বিপদত পেলাইছে ৷ আজি বোকাখাতৰ বজাৰত চিৰা, বৰা আৰু চকোৱা চাউল ৮০ ৰ পৰা ১২০ টকা, গুৰৰ দাম ৮০ টকা, তিল ১৮০ পৰা ২০০ টকাত বিক্রী হৈছে । ইফালে মধ্যভোগী এচাম দালালৰ বাবে পাচলিৰ দামো হৈছে আকাশ লংঘী । কৰ'ণা ভাইৰাচৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বোকাখাতত নগাওঁৰ পৰা অহা পাচলি বিক্ৰী প্ৰশাসনে বন্ধ কৰি স্থানীয় পাচলিৰ ব্যৱস্থা কৰিছিল যদিও একাংশ বেপাৰীয়ে প্ৰশাসনৰ চকুত ধুলি মাৰি এতিয়া নগাওঁৰ পৰা অনা পাচলি বোকাখাতৰ বজাৰত মুকলিকৈ বিক্ৰী কৰি আছে ৷ সংগোপনে অনা এই পাচলিবোৰক বোকাখাতত স্থানীয় পাচলি বুলি বিক্ৰী কৰিছে একাংশ ব্যৱসায়ীয়ে ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বােকাখাতৰ মৰিয়াহােলাৰ দৰে কৃষি প্ৰধান অঞ্চলত কুইন্টলে কুইন্টলে কৃষকৰ বিলাহী নষ্ট হোৱাৰ পাচতো তেনে সময়ত বােকাখাতৰ বজাৰত ২০ টকা দৰত বিক্রী হৈছে বাহিৰৰ বিলাহী । বোকাখাতত আলু ২০ টকা দৰত বিক্রী কৰিবলৈ মহকুমা প্রশাসনে দাম ধাৰ্য কৰি দিয়াৰ পাচতো  ঠাই বিশেষে ২৩/২৫ টকা দৰত বিক্ৰী হৈছে আলু । লকভাউনৰ সুবিধা লৈ স্থানীয় কৃষকক মাধমাৰ শােধাই মধ্যভােগী ব্যৱসায়ীয়ে অাংগুষ্ঠ প্রদর্শন কৰিছে বিংভাগীয় নীতি নিৰ্দেশনাক । ইপিনে বোকাখাত মহকুমাৰ যোগান বিভাগৰ নিৰ্দেশ মতে সমবায় সমিতিৰ এজেন্টবোৰে প্ৰতিজন হিতাধিকাৰীক দিব লগা ৫ কিলোগ্ৰাম চাউলৰ ঠাইত ২/৩ কিলোগ্ৰাম চাউল দি বাকী ৰাহি চাউলৰ চোৰাং ব্যৱসায় আৰম্ভ কৰিছে ৷ মহকুমাটোৰ কানুটিকা, বৰজুৰি আদি বিভান্ন স্থানৰ পৰা হিতাধীকাৰীক ৫ কিলোগ্ৰামতকৈ কম চাউল দিয়াৰ অভিযোগ পোৱা গৈছে ৷ বিষয়টোৰ সম্পৰ্কত বোকাখাত মহকুমাৰ যোগান বিভাগক জনাইয়ো সুফল পোৱা নাই হিতাধিকাৰী সকলে ৷ বহু স্থানত হিতাধিকাৰী সকলক সমবায়ৰ এজেন্টে অপদস্ত কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ এজেন্ট সকলক নিয়ন্ত্ৰনত ব্যৰ্থ হৈছে যোগান বিভাগ ৷ অন্য হাতে কেন্দ্রীয় চৰকাৰৰ উজ্বলা আঁচনিৰ হিতাধিকাৰীক বিনামূলীয়াকৈ গেছৰ চিলিণ্ডাৰ যােগান ধৰাৰ বাবে নিৰ্দেশ দি হিতাধিকাৰীৰ বেংক একাউন্টত ৭৬৩ টকাকৈ জমা কৰিছে । কিন্তু বোকাখাতৰ হিন্দুস্থান পেট্ৰলিয়াম গেছ এজেন্সিৰ নীতি বৰ্হিভূত ভাৱে চলি থকা চাব এজেন্টসমূহে এটা চিলিণ্ডাৰৰ নামত ৮৭০ টকাকৈ হিতাধিকাৰীৰ পৰা আদায় লােৱাত প্রতিক্রিয়াৰ সৃষ্টি হৈছে বোকাখাতত । মহকুমাৰ যোগান বিভাগৰ মতে গেছৰ চিলিণ্ডাৰৰ যোগানৰ বাবে বিতাৰকে কোনো চাব এজেন্ট বিধিগত ভাৱে ৰাখিব নোৱাৰে বুলি জনায় ৷  এনে পটভূমিত বোকাখাত মহকুমাত চাউলৰ পৰা পাচলি আৰু গেছ ব্যৱসায়লৈকে থকা দালাল বোৰক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবৰ বাবে মহকুমাধিপতিক অনুৰোধ জনাইছে স্থানীয় জনসাধাৰণে ৷

************