ডিফলু নদীত সলিল সমাধি হোৱা সবিতা বাক্তিৰ পৰিয়াললৈ একালিন সাহাৰ্য : আটচাৰ প্ৰশংসনীয় পদক্ষেপ :

Aiidesh News  : 10 June 2023  :

বোকাখাত মহকুমাৰ এখন ব্যক্তিগত চাহ বাগিচাত কাম কৰি ঘৰলৈ উভতি অহা পথত ডিফলু নৈ পাৰ হওঁতে পানীৰ কোবাল সোঁতে উতুৱাই নিছিল ডিফলু চাহ বাগিচাৰ সৱিতা বাক্তি নামৰ এগৰাকী মহিলাক । এই শোকাৱহ ঘটনাত মৃত্যুক সাৱতি লৈছিল মহিলা গৰাকীয়ে ৷ এই ঘটনাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই তাৎক্ষনিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে প্ৰয়াত সবিতা ব্যাক্তিৰ দুৰ্ভগীয়া পৰিয়ালটিলৈ আৰ্থিক সহযোগিতা প্ৰদান কৰিবলৈ ব্যক্তিগত চাহ বাগিচাখনৰ মালিক-পক্ষক দাবী জনাইছিল ৷ 

অসম চাহ জনজাতি ছাত্ৰ সন্থা তৰফৰ পৰা জনোৱা দাবীৰ প্ৰতি সহাঁৰি জনাই শনিবাৰৰ দিনা বৰডুবি নামৰ চাহ বাগিচা কৰ্তৃপক্ষৰ হৈ চামচুল আলিয়ে প্ৰয়াত সবিতা বাক্তিৰ  মিলন ভুমিজৰ হাতত এক লাখ টকাৰ আৰ্থিক সাৰ্হায্য প্ৰদান কৰে ৷ আৰ্থিক সাহাৰ্য প্ৰদানৰ সময়ত আটচাৰ বোকাখাত উপ শাখাৰ সভাপতি চন্দন তাঁতী, ডিফলু প্ৰাথমিক গোটৰ সভাপতি তুষাৰ গোৱলা, সম্পাদক ভোগেশ গোৱলা, শিক্ষা সচিব লাচিত কায়স্থ আৰু ডিফলু চাহ মজদুৰ সংঘৰ হৈ নন্দেশ্বৰ কৰ্মকাৰ উপস্থিত থাকে ৷

*******