বোকাখাতৰ ডিফলু চাহ বাগিচাত চাৰি শিশুক শাৰিৰীক নিৰ্যাতনৰ ঘটনা : শিশু নিৰ্যাতনকাৰী দলৰ এজনকহে আটক কৰিছে আৰক্ষীয়ে :

বোকাখাতৰ ডিফলু চাহ বাগিচাত চাৰি শিশুক শাৰিৰীক নিৰ্যাতনৰ ঘটনা  : শিশু নিৰ্যাতনকাৰী দলৰ এজনকহে আটক  কৰিছে আৰক্ষীয়ে  :

বোকাখাতৰ ডিফলু চাহ বাগিচাত চাৰি শিশুক শাৰিৰীক নিৰ্যাতনৰ ঘটনা  : শিশু নিৰ্যাতনকাৰী দলৰ এজনকহে আটক  কৰিছে আৰক্ষীয়ে  :  

Aiidesh News  : 10 June 2023 : 

বোকাখাত মহকুমাৰ ডিফলু চাহ বাগিচাৰ সামান্য এক অপৰাধত চাৰিটি শিশুক চুলি খুৰাই, আঠু কঢ়াই শাৰিৰীক নিৰ্যাতন কৰাৰ এক ঘটনা সংঘৰ্টিত হৈছে ৷ ডিফলু চাহ বাগিচাৰ পাপু ঠাকুৰ নামৰ ব্যক্তি জনৰ দোকানৰ পৰা শীতল পানীয়ৰ বটল চোৰ কৰা বুলি অভিযোগ তুলি বাগিচাৰ কেইজনমান লোকে এই চাৰি শিশুক চুলি খুৰাই, আঠুকঢ়াই শাৰিৰীক নিৰ্যাতন চলায় ৷ স্থানীয় লোকৰ মতে ডিফলু চাহ বাগিচাৰ পাপু ঠাকুৰৰ লগতে বাগিচাৰ একাংশ লোকে সকলোৰে উপস্থিতিত এই নিৰ্যাতন কৰিছিল চাৰি শিশুৰ ওপৰত ৷ সেই সময়ত গাওঁৰক্ষী বাহিনীক সভাপতি গৰাকীও উপস্থিত আছিল বুলি দাবী কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই ৷ ইফালে ডিফলু চাহ বাগিচাৰ গাওঁৰক্ষী বাহিনীয়ে জনোৱা মতে ঘটনাৰ বিষয়ে গাওঁৰক্ষী বাহিনীক অৱগত কৰা হৈছিল যদিও গাওঁৰক্ষী বাহিনীয়ে ব্যৱস্থা লোৱাৰ আগতেই পাপু ঠাকুৰৰ নেতৃত্বত এটা দলে শাৰিৰীক নিৰ্যাতন চলাইছিল শিশু কেইজনৰ ওপৰত ৷ পাপু ঠাকুৰৰ লগত কোনে শিশু কেইজনৰ ওপৰত নিৰ্যাতন চলাইছিল সি অতি গুৰুত্বপুৰ্ণ ৷ প্ৰশ্ন উঠিছে যে অকল পাপু ঠাকুৰেই নিৰ্যাতন চলাইছিল নে শিশু কেইজনৰ ওপৰত ৷ কোন আছিল পাপু ঠাকুৰৰ লগত  ৷

সমগ্ৰ ঘটনা বোকাখাত আৰক্ষীক অৱগত কৰাত বোকাখাত আৰক্ষী গৈ পাপু ঠাকুৰক আটক কৰিছে যদিও শিশু চাৰিজনৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱা উল্লেখিত লোক কেইজনক এতিয়াও আটক কৰা নাই ৷  এই ঘটনাৰ সম্পৰ্কত বোকাখাত মহকুমা চাহ জনজাতি ছাত্ৰ সন্থাই তদন্তৰ লগতে চাৰি শিশুৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱা দোষীক উচিত শাস্তিৰ দাবী তুলিছে । সম্প্ৰতি এই ঘটনা পোহৰলৈ অহাত সমগ্ৰ বোকাখাততে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

********